কাজিৰঙা, সংবাদ ৩৬৫, ২৬ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰৰ পৰা আৰম্ভ হৈছে গঁড়ৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনত ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে হ’ব লগীয়া গঁড়ৰ গণনা উদ্যানখনৰ অন্তৰ্গত ডিফলু নদীৰ দক্ষিণ দিশৰ পৰা আৰম্ভ কৰা হয়। কাজিৰঙাত প্ৰথম দিনাৰ গঁড় গণনা বাবে উদ্যানখনৰ মুঠ এলেকাক ৩৬ টা ভাগত বিভক্ত কৰি হাতী আৰু জীপচি গাড়ীৰ সহায়ত গননা আৰম্ভ কৰা হৈছে৷ গঁড় গণনাৰ বাবে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিকে ধৰি মুঠ ১২০ জন লোকক নিয়োগ কৰা হৈছে৷ গঁড় গণনাৰ বাবে উদ্যানখনত ৩৬ টা হাতী নিয়োগ কৰা হৈছে। উদ্যানখনত দ্বিতীয় দিনা অৰ্থাত ২৭ মাৰ্চত ডিফলু নদীৰ উত্তৰ দিশত একে ধৰণেৰেই গঁড় গণনা কৰা হ’ব। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬ টা সংযোজন এলেকা আৰু সংলগ্ন সংৰক্ষিত বনাঞ্চল সমূহতো গঁড় গননা এলেকাৰ অন্তৰ্ভূক্ত কৰা হৈছে। উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৫ চনত হোৱা গঁড়ৰ গণনাত গঁড়ৰ সংখ্যা ২৪০১ টা আছিল। উদ্যানখনত বানপানী, চোৰাং চিকাৰী হাতত আৰু স্বাভাৱিক কাৰণত ১৩৫ টাকৈ গঁড়ৰ মৃত্যু হৈছে যদিও ২০১৮ ৰ গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰিছে বন বিভাগৰ লোক। উল্লেখ্য যে, গঁড় গণনাৰ সমান্তৰালকৈ কাজিৰঙাত ঢেকীয়াপতিয়া বাঘৰ গণনাও চলি আছে আৰু বৰ্তমান কাজিৰঙাত ১১৬ টা ঢেকীয়াপতিয়া বাঘ আছে বুলি জানিব পৰা গৈছে।