গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ: সোমবাৰে মহানগৰীৰ জালুবাৰীত হঠাৎ ডাউ ডাউকৈ জ্বলি উঠে এখন যাত্ৰীবাহী বাছ। জালুকবাৰী ৰেলৱে দলংৰ তলত সংঘটিত হয় যাত্ৰীবাহী বাছত জুই লগৰ ঘটনা। যাত্ৰীবাহী বছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত জালুকবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয় যদিও কথমপি প্ৰানৰক্ষা পৰে বছখনৰ চালক আৰু হেণ্ডিমেনৰ লগতে যাত্ৰীসকলৰ। এএছ-০১-এফচি-১৫৬০ নম্বৰৰ বাছখন জালুবাৰী পৰা পাঞ্জাবাৰীলৈ যাত্ৰীলৈ গৈ থাকোঁতে হঠাৎ বছখনত অগ্নিকাণ্ড সংঘটিত হয়। বাছখনত সংঘটিত হোৱা অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ ফলতে বছখনত জুই লগা বুলি সন্দেহ কৰা হৈছে। আনহাতে বছখনৰ যাত্ৰীসকলে অভিযোগ কৰে যে অগ্নিকাণ্ড খবৰ দিয়াৰ পিছতো অগ্নিনিৰ্বাপক বাহিনীৰ দল বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়।