গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ২৬ মাৰ্চ: গোলাঘাট নগৰৰ ৩ নং ৱাৰ্ডৰ টেনপুৰত অস্বাভাৱিক ভৱে মৃত্যুৰ মুখত পৰিবলৈ ধৰিছে কাউৰী। জিলাখনত প্ৰায় এমাহৰ পূৰ্বৰে পৰা প্ৰতিদিনে ৩০-৪০ টাকৈ কাউৰীৰ অস্বাভাৱিক ভাৱে মৃত্যু হৈ আছে। জিলাখনত হঠাৎ কাউৰীৰ এনে অস্বাভাৱিক মৃত্যুৱে চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক। প্ৰতিদিনে ইমান সংখ্যক কাউৰীৰ মৃত্যু কোনো অচিন ৰোগত আক্ৰান্ত হৈ হৈছে নে কোনো দুস্কৃতিকাৰীয়ে খাদ্যত বিষাক্ত দ্ৰব্য মিহলাই হত্যা কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। আমাৰ পৰিবেশখন পৰিষ্কাৰ কৰি ৰখাত শগুন আৰু কাউৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বিষাক্ত খ্যাদ সেৱনৰ লগতে বিভিন্ন কাৰণত পৃথিৱীৰ পৰা শগুন প্ৰায় বিলুপ্ত হৈ গৈছে। শগুন প্ৰাকৃতিক জামাদাৰ হিচাপে পৃথিৱীৰ বুকুৰ পৰা লেতেৰা নিষ্কাশন কৰিছিল যদিও শগুণৰ বিলুপ্তি ঘটিবলৈ ধৰাত কাউৰীয়ে এই দায়িত্ব বহন কৰি আছিল। গোলাঘটত হৈ থকা কাউৰীৰ এই অস্বাভাৱিক মৃত্যু যদি এই হাৰত ঘটি থাকে তেন্তে অতি সোনকালে কাউৰীও আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। গতিকে বিলুপ্তিৰ পথত যোৱাৰ পূৰ্বেই মানৱ সমাজে কাউৰীক সংৰক্ষণ কৰাৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সকলে।