গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাৰ বুলনি বনশিবিৰত শুক্ৰবাৰে বোকাত আবদ্ধ হৈ এজনী মাইকী গঁড়ৰ মৃত্যু ঘটে। জানিব পৰা মতে পানী খাবলৈ আহোঁতে বোকাত আবদ্ধ হৈ পৰিছিল গঁড়জনী।গঁড়জনীক বোকাৰ পৰা উদ্ধাৰৰ কৰাৰ বাবে বন বিভাগে চেষ্টা চলাইছিল যদিও উদ্ধাৰ হোৱাৰ পূৰ্বেই গঁড়জনীয়ে মৃত্যুক সাৱটি লয়। বন বিভাগে জানিবলৈ দিয়া মতে বাৰ্ধক্য আৰু গুৰুতৰ আঘাতৰ বাবেই গঁড়জনী বোকাৰ পৰা ওলাই আহিব পৰা নাছিল আৰু অৱশেষত বোকাৰ মাজতে মৃত্যুৰ ঘটে মাইকী গঁড়জনীৰ। মৃত্যুৰ পিছত বোকাত আবদ্ধ গঁডজনীৰ দেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছিল বন বিভাগে।