হোজাই, সংবাদ ৩৬৫, ৩ মাৰ্চ: হোজাই জিলাৰ লংকাৰ কাকীৰ মধুপুৰত আৰক্ষীয়ে এগৰাকী মহিলাক পিষ্টল আৰু সজীৱ গুলীসহ আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে পিষ্টল আৰু সজীৱ গুলীসহ আটক কৰা মহিলাগৰাকীৰ নাম ৰাৱিয়া বেগম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ৰাবিয়া বেগমৰ ঘৰত অভিযান চলাই ৭.৬৫ পিষ্টলসহ ১৩ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰিছে।আৰক্ষীয়ে অভিযানৰ সময়ত ৰাবিয়া বেগমক জেৰা কৰোতে ৰাবিয়া বেগমে ঘৰত লুকুৱাই ৰখা পিষ্টলটো উলিয়াই দিয়ে। ৰাবিয়া বেগমৰ স্বামীৰ নাম মকবুল ইছলাম বুলি জানিব পৰা হৈছে। ৰাবিয়া বেগমৰ স্বামী মকবুল ইছলামক আৰক্ষীয়ে অস্ত্ৰ সক্ৰান্তিয় ঘটনাত পূৰ্বে আটক কৰিছিল আৰু বৰ্তমান মাকবুক ইছলাম কাৰাগাৰত আছে।