কোকৰাঝাৰ, সংবাদ ৩৬৫, ৩০ মাৰ্চ: পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে শুক্ৰবাৰে পুৱা ৫ বজাৰ পৰা কোকৰাঝাৰ ৰে’ল ষ্টেচনত ৰূপায়ন কৰা ১২ঘন্টীয়া ৰে’লপথ অবৰোধ কাৰ্যসূচীৰ ফলত উত্তৰ পূবৰ সৈতে বহি: ৰাজ্যৰ যোগাযোগ বিছিন্ন হৈ পৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন ৰে’ল ষ্টেচনত আৱদ্ধ হৈ পৰে অসংখ্য ৰে’লযাত্ৰী। সংগঠনটোৰ নেতা কৰ্মীৰ লগতে সহশ্ৰাধিক কোচ ৰাজবংশী ৰাইজে অংশগ্ৰহণ কৰা ৰে’লপথ অৱৰোধ কাৰ্যসূচীত ন’এছ টি ন’ৰেষ্ট, আমাৰ দাবী মানিব লাগিব শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। আক্ৰাছুৰ ৰে’লপথ অৱৰোধ কার্যসূচীৰ বাবে উত্তৰ পূব ৰে’ল বিভাগে ৬খনকৈ যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰিছে। নামুনিমুৱা ৰাজধানী এক্সপ্ৰেছকে ধৰি ধুবুৰী–কামাখ্যা পেছেঞ্জাৰ ৰে’ল, বঙাইগাঁও–নিউ জলপাইগুৰি পেছেঞ্জাৰ, ডেম’ পেছেঞ্জাৰ আৰু নিউ জলপাইগুৰি–লামডিং ইণ্টাৰচিটী ৰে’লৰ চলাচল বন্ধ কৰিছে উত্তৰ পূৱ ৰে’ল বিভাগে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে জনগোষ্ঠীটোক জনজাতি কৰণ নকৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে।