ৰঙিয়া, সংবাদ ৩৬৫, ২৫ মাৰ্চ: দেওবাৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। গৰিয়া উন্নয়ন পৰিষদ শীঘ্ৰে কাৰ্যকৰী কৰা আৰু গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ নামত অৰ্থনৈতিক পেকেজ দিয়াৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে। পথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ নামত অৰ্থনৈতিক পেকেজ দিয়ক, গৰিয়া উন্নয়ন পৰিষদ শীঘ্ৰে কাৰ্যকৰী কৰক ধ্বনিৰে সংগঠনটোৰ কৰ্মী সকলে পৰিস্থিতি উত্তাল কৰি তোলে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত শতাধিক যান বাহন আৱদ্ধ হৈ পৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। সংগঠনটোৱে অতি শীঘ্ৰে গৰিয়া উন্নয়ন পৰিষদ কাৰ্যকৰী কৰি গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ নামত অৰ্থনৈতিক পেকেজ দিয়াৰ দাবী জনাই কয় যে যদি আমাৰ দাবী মানি লোৱা নহয় তেন্তে তীব্ৰ আন্দোলন গঢ়ি তুলিব হুংকাৰ দিয়ে।