গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইন, সংবাদ ৩৬৫, ২০ জুন : শনিবাৰে কামৰূপ জিলাৰ সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ নৱ-গঠিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।দক্ষিণ কামৰূপৰ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ নৱ-গঠিত সমিতিখনৰ শপত বাক্য পাঠ কৰোৱা হয় শপত গ্ৰহণ অনুষ্ঠানত।

বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁওস্থিত নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলত প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নুৰুল ইছলামে। অনুষ্ঠান পৰিচালনা কৰে প্ৰেছ ক্লাবৰ আন এগৰাৰী সম্পাদক নয়ান আলীয়ে৷ জি কে এছ প্ৰেছ ক্লাবৰ নৱ-গঠিত কমিটিৰ বিষয়বৱীয়াসকলক শপত বাক্য পাঠ কৰায় নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণিয়ে৷ অনুষ্ঠানত গৰৈমাৰীৰ জ্যেষ্ঠ নাগৰিক ডাঃ ফজলুল হক চৌধুৰী, গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ পৰিচালন সঞ্চালক ৰফিক চৌধুৰী, ডেকাচাং আঞ্চলিক হাইস্কুলৰ অৱসৰ প্ৰধান শিক্ষক মনছুৰ ৰহমান খান, বিলায়েৎ হুছেইন, জ্যেষ্ঠ সাংবাদিক আনোৱাৰ হুছাইন, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ, অৱসৰী সহকাৰী শিক্ষক আলহাজ শ্বেখ মহম্মদ পিয়াৰ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান, গৰৈমাৰীৰ স্বাহাৱ উদ্দিন চৌধুৰী, আব্দুছ ছালাম, হবিবুৰ ৰহমান প্ৰমূখ্যে বৃহত্তৰ গৰৈমাৰী, কালাতলী আৰু সোণতলী অঞ্চলৰ বহুসংখ্যক জ্যেষ্ঠ ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

আনহাতে সাংবাদিকৰ শপত গ্ৰহণ অনুষ্ঠানতে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা ডিষ্টিংচন নম্বৰলৈ কৃতিত্বসহকাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ইলিয়াছ আলী, আশ্ৰাফুল হক, সাহিবা ছিদ্দিকাক নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুল আৰু জি কে এছ প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।