নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২০ জুন : কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ব্যতিক্ৰমী প্ৰয়াস চলালে নগাঁও জিলা উপায়ূক্ত যাদৱ শইকীয়াই। বাটৰুৱাৰ মাজত কৰ’ণা ভাইৰাছ সম্পৰ্কত সজাগতা সৃষ্টি লগতে মাক্স বিতৰন কৰিলে নগাঁৱৰ উপায়ুক্ত। সজাগতা অনুষ্ঠানত উপায়ুক্ত গৰাকীক সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিলে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলেও।

সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰ, প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনে এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে। চৰকাৰ, প্ৰশাসন আৰু দল-সংগঠন সমূহে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে কিদৰে যুঁজ দিব পাৰি ইয়াকে লৈ বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে মাস্ক, ছেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰি আহিছে। শণিবাৰে নগাঁও চহৰৰ ঢ়াকাইপট্টি, ষ্টেডিয়াম মাৰ্কেট, নগাঁও মহাবিদ্যালয়ৰ সন্মূখৰ লগতে বিভিন্ন অঞ্চলত নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সকলে ৰাইজে মাজত কৰ’ণা ভাইৰাছ সম্পৰ্কত সজাগতা সৃষ্টি কৰি মাস্ক বিতৰণ কৰে। জিলা উপায়ুক্ত গৰাকীৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলে দোকানে দোকানে গৈ দোকানৰ মালিক সকলৰ লগতে কৰ্মচাৰী, পথাচাৰী, গাড়ী চালক, বাইক আৰোহী সকলৰ মাজত কৰ’ণা ভাইৰাছৰ ভয়াবহতা সম্পৰ্কত সজাগতা সৃষ্টি কৰে। কৰ’ণা ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰক্ষা পাবৰ বাবে সকলোৱে মাক্স পৰিধান কৰাৰ লগতে সঘনাই হাতত ছেনিটাইজাৰ লগোৱা, চাবোনেৰে কেনেকৈ হাত ধুব লাগে সম্পৰ্কত উপায়ুক্ত গৰাকীয়ে সকলোৰে মাজত সচেতনতা সৃষ্টি কৰে। জিলা উপায়ুক্ত যাদৱ শইকীয়াই লগতে সকলোৰে মাজত মাজত মাক্স বিতৰনো কৰে।

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৫,০০৬ লৈ বৃদ্ধি পাইছে। আক্রান্ত লোক সকলৰ ভিতৰত আৰোগ্য লাভ কৰিছে ৩,০৬৬ জন লোক। বৰ্তমানেও ৰাজ্যত চিকিৎসাধীন হৈ ১,৯২৮ জনকৈ কৰ’ণা ভাইৰাছত লোক। আনহাতে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত মৃত্যু হৈছে ৯ জনকৈ লোকৰ।