গুৱাহাটী

১০ নৱেম্বৰ

কাহিলিপাৰাত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। ৰাজপথৰ ওপৰতে জ্বলি ছাই হয় এখন আই টেন গাড়ী। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত চালকজনক হায়াত হাপিতালত ভৰ্তি কৰে স্থানীয় ৰাইজে।

সোমবাৰে মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণ গাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দক্ষিণগাঁও-লখৰা পথৰ ওপৰত এখন আই টেন গাড়ী জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নিশা প্ৰায় ১২.৩০ মান বজাত লখৰা দিশে গৈ থকা এখন আই টেন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দক্ষিণগাঁৱত পথৰ ওপৰত থকা ডিভাইদাৰত খুন্দা মৰাত পথৰ ওপৰতে গাড়ীখন বাগৰি পৰে। দুৰ্ঘটনাৰ ফলৰ পথৰ ওপৰত বাগৰি পৰা গাড়ীখন জুইৰ সূত্ৰপাত হোৱাত গাড়ীখন দাও দাও কৈ জ্বলি উঠে। স্থানীয় ৰাইজে দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ গাড়ীৰ ভিতৰত অঘটপ্ৰাপ্ত হৈ আৱদ্ধ হৈ পৰা চালকজনক গাড়ীৰ ভিতৰত পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে।

পথৰ ওপৰতে দাও দাও কৈ জ্বলি উঠা গাড়ীখনৰ জুই নিৰ্বাপনৰ বাবে স্থানীয় ৰাইজে চেষ্টা চলাই যদিও গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চালক জন হায়াত হস্পিতলাত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।