ইয়াছিন আলী

বঙাইগাঁও

১০ নৱেম্বৰ

বঙাইগাঁও জিলাৰ চাকলাৰ পথাৰত বানে বিধ্বস্ত কৰা শস্য পথাত চেষ্টাৰ ত্ৰুটি কৰা নাছিল কৃষক সকলে। বাৰম্বাৰ বানপানীয়ে খেতিয়কৰ সপোন বিধ্বস্ত কৰাৰ পিছত নিজ চেষ্টাৰে খেতিয়ক সকল জাকত জিলিকা কৈ খেতি পথাৰ গঢ়ি তুলিছিল শাক পাচলিৰ খেতিৰে। বানৰ লগত যুঁজি সফল চাকলাৰ খেতিয়ক সকল।

চৰকাৰী সাহাৰ্য্য অভিহনে চাকলাৰ কৃষক সকলে কৰিছিল বিভিন্ন শাক পাচলিৰ খেতি। চাকলাৰ পথাৰত শ শ বিঘা ভূমিত আছে বিভিন্ন প্ৰজাতিৰ শাক-পাচলি। প্ৰথম অৱস্থাত কৃষকে তিয়হৰ দাম ভালেই পাইছিল যদিও মাজতে দাম কমি গৈছিল কিন্তু বৰ্তমান তিয়হৰ দাম ২০-২২ টকাকৈ পাই থকাত আনন্দিত হৈ পৰিছে খেতিয়কসকলে। তিতাকেৰেলা, ভোল, জিকাৰো ভালেই দাম পাইছে বুলি জানিব দিয়ে খেতিয়ক সকলে। শস্যৰ উপযুক্ত মূল্য পাই উৎসাহিত হৈ মহিলাসকলেওঁ নামি পৰিছে পথাৰত। প্ৰথম অৱস্থাত পানীলাউৰ দাম কম আছিল যদিও বৰ্তমান ৩০-৪০ টকাকৈ প্ৰতিটো পানীলাউ বিক্ৰী কৰি আছে খেতিয়ক সকলে। বেঙেনা প্ৰতিকিলো ৩০-৩৫ টকাকৈ বিক্ৰী কৰি আছে।

শিক্ষিত যুৱক-যুৱতীৰ লগতে মহিলাসকলে হাড়ভঙা পৰিশ্ৰম কৰি এনেদৰে শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বীতাৰ পথ বাচি লৈছে। চৰকাৰীভাৱে সামান্য সহায় লাভ কৰিলে আৰু অধিক লাভবান হ’ব পাৰিব এই অঞ্চলৰ কৃষক সকলে। অঞ্চলটোৰ শাক-পাচলি গুৱাহাটী, দিল্লী হাৰিয়ানা, শ্বিলং, মেঘালয়, মণিপুৰ আদি ঠাইলৈ যায় যদিও চহৰ নগৰৰ লগত দামৰ আকাশ পাতাল পাৰ্থক্য দেখা যায়।