বাক্সা

১০ নৱেম্বৰ

বাক্সা জিলাৰ বৰমা অসম গ্ৰামীন বিকাশ বেংকৰ শাখাত উত্তপ্ত পৰিস্থিতি। বেংক বিষয়াই গ্ৰাহকক ধন জমাবহী আৰু এনঅচি নিদিয়াৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষী হস্তক্ষেপত নিয়মলৈ আহে পৰিস্থিতি।

বেংকৰ জমাবহীৰ পৰা গ্ৰাহকৰ ধন হৰলুকী হোৱা চাইবাৰ ক্ৰাইমৰ নিচিনা ঘটনা সংঘটিত হোৱা অসম গ্ৰামীন বিকাশ বেংকৰ বৰমা শাখাত মঙলবাৰে সমঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ বেংক শাখাটোৰ মেনেজাৰ ভানুমতি ব্ৰহ্ম আৰু এচিষ্টেন্ট মেনেজাৰ চম্পা দাসে বিগত চাৰি-পাঁচ মাহ ধৰি গ্ৰাহকক ঘুৰাই দিয়া নাই আপ টু ডেট কৰা জমাবহীৰ লগতে ঋন পৰিষোধৰ এনঅচি চাৰ্টিফিকেট আৰু হেৰুৱা বহী। মঙলবাৰে গ্ৰাহক সকলে নিজৰ নিজৰ জমাবহী আৰু ঋন পৰিষোধৰ এনঅচি চাৰ্টিফিকেট বিচৰাত মেচিন বেয়া হোৱা বুলি কৈ গ্ৰাহকক বেংক শাখাটোৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়াত গ্ৰাহক আৰু বেংক বিষয়াৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ বেংকৰ জমাবহী গ্ৰাহকক সময়মতে ঘুৰাই নিদি গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে গ্ৰাহক সকলে৷ আনকি দিন হাজিৰা কৰা লোকৰ হেৰোৱাবহী দিয়াৰ নামতো গ্ৰাহকৰ পৰা বেংকখনৰ কৰ্মচাৰীয়ে ধন বিচৰাৰ অভিযোগ উত্থাপন কৰে গ্ৰাহক সকলে৷

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বৰমা আৰক্ষী থানাৰ আৰক্ষীৰ দল এটা বেংকত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে৷ গ্ৰাহকৰ ৰুদ্ৰমূৰ্তী দেখি বেংক বিষয়া ভানুমতি ব্ৰহ্মই এনঅচি চাৰ্চাটিফিকেট সমুহ দিয়ে যদিও জমাবহী আপ টু ডেট আৰু গ্ৰাহকৰ হেৰোৱা বহী ঘুৰাই দিয়া নিদিয়ে।