খেৰণিৰ পৰা সঞ্জয় কুমাৰ সিং, সংবাদ ৩৬৫, ১১ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনিৰ খবৰ প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে। চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত কিছুমান দুষ্টচক্ৰই বন বিভাগৰ নাকৰ তলতে চলাই গৈছে চোৰাং কাঠৰ বেহা। ইয়াৰে এক জ্বলন্ত প্ৰমাণ পোৱা গ’ল পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত।

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লংটাৰ-ঠেপিত কাৰ্বি আংলংৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে গছৰ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰে বন বিভাগৰ হাতত। এ-এছ- ০২-চিচি-১৬০৪ নম্বৰৰ পিক-আপ ভেন এখনেৰে গছৰ কুণ্ডা মেঘালয়লৈ সৰবৰাহ কৰি থকা অৱস্থাত বন বিভাগে জব্দ কৰে। এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে মাজ নিশা খেৰণি বন বিভাগ আৰু মকৈলুম উপ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই কাঠৰ কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত বন বিভাগ আৰু আৰক্ষীয়ে কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং গছৰ কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ লৈ অভিযানকাৰী দল উক্ত স্থানত পোৱাৰ পূৰ্বেই চোৰাং কাঠ ব্যৱসায়ীৰ লগত জড়িত লোকসকল কুণ্ডা ভৰ্তি গাড়ীখন এৰি পলায়ন কৰে। উল্লেখ্য যে, জিলাখনৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে প্ৰায়ে গছ কাটি মেঘালয়লৈ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।