গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুন : কৰ’ণা ভাইৰাছৰ আতংকময় পৰিবেশৰ মাজত ছেনিটাইজাৰ, এন-৯৫ মাস্কৰ বজাৰত গঢ়ি উঠা ক’লা বেপাৰ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অৱ আছাম চমুকৈ চি ডি এ এ।সংস্থাটোৰ সভাপতি এন এল আগৰৱালা, সম্পাদক জিতু বৰ্মণে সকলোকে ছেনিটাইজাৰ আৰু এন-৯৫ মাস্ক নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰিবলৈ আহ্বান জনাইছে।

ছেনিটাইজাৰ আৰু এন-৯৫ মাস্ক ক্ৰয় কৰা গ্ৰাহকক যদি কোনো ব্যৱসায়ী প্ৰতিষ্ঠানে উপযুক্ত মূল্যত ছেনিটাইজাৰ আৰু এন-৯৫ মাস্ক আদায় নিদিয়ে তেন্তে ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গ্ৰাহকজনে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে ছেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েছন অৱ আছামৰ সভাপতি এন এল আগৰৱালায়ে। আনহাতে ছেনিটাইজাৰ মাস্কৰ ক্ষেত্ৰত যদি ক’লা বেপাৰ হয় আৰু উক্ত কাৰ্যৰ সৈতে জড়িত থকাৰ প্ৰমাণ হয় তেন্তে চি ডি এ এই আইনগত ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখ ছেনিটাইজাৰ ব্ৰেণ্ড, হেণ্ড ছেনিটাইজাৰ-চি, হেণ্ডবাৰৰ জি আৰ ডি ঘনশ্যাম ধানুকাই উল্লেখ কৰা অনুসৰি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতে হেণ্ড- ছেনিটাইজাৰ বিক্ৰী কৰা হৈছে।

ঘনশ্যাম ধানুকাই লগতে কয় “কোনো ডিলাৰ অথবা খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা বিল অবিহনে সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে। স্বাস্থ্যৰ লগত জড়িত সামগ্ৰীসমূহ ক্ৰয় কৰাত অথবা কৰ পৰিশোধ কৰা সামগ্ৰী ক্ৰয় কৰোঁতে বিল লোৱাটো অতিকৈ প্ৰয়োজন”।