গুৱাহাটীৰ পৰা আছৰাৰ আনচাৰি, সংবাদ ৩৬৫, ১১ জুন : বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল কৰিণা। চিৰিয়াখানাৰ বনকর্মী সকলৰ অতিকৈ মৰমৰ হৈ পৰিছে কৰিণা। দিনটো চিৰিয়াখানাতে থাকি নিশা হ’লে বনকর্মী জাহাঙ্গীৰ আলীৰ ঘৰলৈ যায় কৰিণা।

চিৰাং জিলাৰ বেংগতল আৰক্ষী চকীলৈ কিছুদিন পূৰ্বে আহিছিল এক বিশেষ আলহী। কিছুদিন আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ পত্নী ফাতেমা খাতুনে আলহী গৰাকীৰ যত্ন লোৱাৰ পিছত যোৱা ২৭ মে’ তাৰিখে আলহী গৰাকী আবাসী হ’ল অসম ৰাজ্যক চিৰিয়াখানাৰ। চিৰিয়াখানাৰ আবাসী হৈয়ে আলহী গৰাকী হৈ পৰিলে বনকর্মী সকলৰ অতিকৈ মৰমৰ। বিশেষকৈ পিতৃ-মাতৃহীন আলহী গৰাকীৰ বাবে এতিয়া সকলো চিৰিয়াখানাৰ বনকর্মী জাহাঙ্গীৰ আলী। দিনটো জাহাঙ্গীৰ আলীৰ লগতে চিৰিয়াখানাত থকাৰ পিছত নিশা জাহাঙ্গীৰ আলীৰ ঘৰতে থাকে এইগৰাকী বিশেষ আলহী।

দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক ডাউন চলি থকাৰ মাজতে যোৱা ২৭ মে’ত অসম ৰাজ্যিক চিৰিয়াখানাৰ চাৰি গৰাকী বনকর্মী এক বিশেষ অভিযানৰ বাবে যাত্ৰা কৰিছিল চিৰাং জিলালৈ। উদ্দেশ্যে আছিল জিলাখনৰ বেংগতক আৰক্ষী চকীৰ পৰা সোণালী বান্দৰৰ এটি পোৱালিক উদ্ধাৰ কৰি চিৰিয়াখানালৈ অনা। বনকর্মী সকলে বেংতল আৰক্ষী চকীৰ পৰা সোণালী বান্দৰৰ পোৱালিটোক উদ্ধাৰ কৰি আনি থাকোতে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ লগত মিলাকৈ পোৱালিটোৰ নাম ৰাখিলে কৰিণা।

অৱশেষত কৰিণা চিৰাংৰ পৰা আহি আবাসী হ’ল অসম ৰাজ্যকি চিৰিয়াখানাৰ। পিতৃ-মাতৃহীন এই দুমহীয়া সোণালী বান্দৰৰ পোৱালিটোৰ সকলো দায়িত্ব গ্ৰহণ কৰিলে চিৰিয়াখানাৰ বনকর্মী জাহাঙ্গীৰ আলীয়ে। দিনটো কৰিণা নামৰ এই সোণালী বান্দৰৰ পোৱালিটো জাহাঙ্গীৰ আলীৰ লগতে চিৰিয়াখানাত থাকি নিশা হ’লে জাহাঙ্গীৰ আলীৰ লগত যায় জাহাঙ্গীৰৰ ঘৰলৈ। সোণালী বান্দৰৰ পোৱালিটোৰ খোৱা-বোৱাৰ পৰা লৈ সকলো দায়িত্ব এতিয়া জাহাঙ্গীৰ আলীৰ। আনকি নিশাৰ ভাগত সোণালী বান্দৰৰ পোৱালিটো একেখন বিছনাত থাকে জাহাঙ্গীৰ আলীৰ লগত।

অসম ৰাজ্যিক চিৰিয়াখানা এই নতুন আবাসী কৰিণা নামৰ সোণালী বান্দৰৰ পোৱালিটো এতিয়া হৈ পৰিছে সকলোৰে মৰমৰ। দুমহীয়া এই সোণালী বান্দৰৰ পোৱালিটোৰ বয়স ছয় মাহ নোহোৱা পৰ্যন্ত থাকিব লাগিব জাহাঙ্গীৰ আলীৰ লগত। বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত আছে ৮ টাকৈ সোণালী বান্দৰ।