বাক্সা 

১৮ নৱেম্বৰ

মোবাইলত গেম খেলি প্ৰেমৰ জালত পেলাই কলকাতাৰ যুৱকে অপহৰণ কৰিলে তামুলপুৰৰ যুৱতীক। তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ কলকাতাৰ পৰা তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱতী গৰাকীক। অপহৰণকাৰী যুৱক আৰক্ষীৰ জালত।

বাক্সা জিলাৰ তামুলপুৰৰ এগৰাকী যুৱতী মোবাইল গেম খেলি চিনাকী হৈছিল পশ্চিম বংগৰ কলকাতাৰ এজন শ্বেখ ৰছিদ আমিন নামৰ ২৩ বছৰীয়া যুৱক সৈতে। প্ৰথমে চিনাকি, তাৰ পিছত ফোন নম্বৰ আদান প্ৰদান। তাৰ পিছত প্ৰেমৰ সম্পৰ্ক। মোবাইল গেমেৰে প্ৰেমৰ জালত পেলাই কলকাতাৰ যুৱক জনে তামুলপুৰৰ যুৱতী গৰাকীলৈ অনলাইন যোগে প্ৰেৰণ কৰে ৰে’লৰ টিকত। প্ৰেমত হাবু ডাবু খোৱা যুৱতী গৰাকীয়ে কলকাতাৰ যুবক শ্বেখ ৰছিদ আমিনে প্ৰেৰণ কৰা অনলাইন টিকত লৈ হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হয়। ৫ নৱেম্বৰ তাৰিখে তামুলপুৰৰ ঘৰৰ পৰা অন্তৰ্ধান হোৱা যুৱতী গৰাকীক সকলোতে বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোন সন্ধান উলিয়াব নোৱাৰি কাষ চাপে তামুলপুৰ আৰক্ষীৰ৷ অৱশেষত আৰক্ষীৰ তদন্তৰ অন্তত সন্ধান ওলাই যুৱতী গৰাকীৰ। আৰক্ষীৰ তদন্তত যুৱতী গৰাকীৰ লোকেশ্বন ধৰা পৰে কলকাতাৰ ২৪ পৰগনা জিলাৰ তিতাগড় থানাৰ এখন অখ্যাত গাঁৱত৷ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটি সজাতি দল কলকাতাত উপস্থিত হৈ বেংগল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে যুৱতী গৰাকীক।

তামুলপুৰ আৰক্ষী আৰু বেংগল আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে শ্বেখ ৰছিদ আমিন নামৰ ২৩ বছৰীয়া যুবক জন। মঙলবাৰে নিশা অপহৃত যুৱতী আৰু অপহৰণকাৰী যুৱকক লৈ আৰক্ষীৰ দল হাজিৰ তামুলপুৰ আৰক্ষী থানাত। যুৱক জন এটি দুষ্ট চক্ৰৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে বৰ্তমান যুৱক জনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।