নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : সোণোৱাল মন্ত্ৰীসভাৰ ৰদবদল হ’ল নিশ্চিত। বিহুৰ পিছতে আছিল মন্ত্ৰীসভাৰ ৰদবদলৰ কথা। দেওবাৰে দিল্লীলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দিল্লী যোৱাৰ পূৰ্বে অথবা দিল্লীৰ পৰা ওভতাৰ পিছত হ’ব মন্ত্ৰীসভাৰ ৰদবদল।

এই নতুন মন্ত্ৰীসভাত সিদ্ধাৰ্থ ভট্টাচাৰ্যই হেৰুৱাব পাৰে শিক্ষা বিভাগ। লগতে মন্ত্ৰী নৱ দলে আৰু ৰণজিৎ দত্তই হেৰুৱাব পাৰে বিভাগ ।

কাইলৈ নিযুক্ত হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি। বৰ্তমানৰ সভাপতি ৰণজিৎ দাসকে পুনৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা।

কাইলে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। তেতিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব অসম বিজেপিৰ সভাপতিৰ নাম।