বাইহাটা

২৫ ডিচেম্বৰ

বাইহাটা চাৰিআলি টোল গেটত উত্তপ্ত পৰিস্থিতি। মদনপুৰস্থিত টোল গেট ভাঙি লণ্ডভণ্ড কৰিলে একাংশ যুৱকে। টোল গেট লণ্ডভণ্ড কৰি অগ্নি সংযোগ যুৱকৰ দলৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা মাদনপুনৰ টোল গেটত শুকুৰবাৰে পুৱাৰ ভাগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। পুৱাৰ ভাগত একাংশ যুৱক হাতে হাতে ৰদ, লাঠি লৈ টোল গেটত উপস্থিত হৈ এফালৰ পৰা ভাঙি যায় টোল গেট। যুৱকৰ দলটোৱে টোল গেট ভাঙি লণ্ডভণ্ড কৰি টোল গেটত অগ্নি সংযোগ কৰে। জানিব পৰা মতে নতুন লেচীয়ে মদনপুৰ টোল গেটৰ দায়িত্ব লাভ কৰাৰ বাবেই যুৱকৰ দলটোৱে তাণ্ডৱ চলাই টোল গেটত। বহিঃৰাজ্যৰ লেচীয়ে টোল গেটৰ দায়িত্ব লাভ কৰাত একাংশ যুৱক ক্ষোভিত হৈ পৰে আৰু পুৱাৰ ভাগত টোল গেটত উপস্থিত হৈ সৃষ্টি কৰে তাণ্ডৱৰ।

বহু সময় ধৰি যুৱকৰ দলটোৱে টোল গেটত তাণ্ডৱ চলাই টোল গেটত অগ্নি সংযোগ কৰি আঁতৰি যায়। ঘটনাস্থলীত বহু সময়লৈকে কামৰূপ আৰক্ষীৰ দল উপস্থিত নোহোৱাৰ ফলতে যুৱকৰ দলটোৱে টোল গেটত তাণ্ডৱ চলাই আতৰি যাবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।