আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শি

ৱসাগৰ

১১ ডিচেম্বৰ

১১ ডিচেম্বৰ ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হৈছল। আজি এই আইন গৃহীত হোৱা এবছৰ সম্পূৰ্ন হ’ল। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ন হোৱাৰ প্ৰাকমূহুৰ্তত এই আইনখন বাতিলৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে বিভিন্ন দল-সংগঠন। আছু, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে পুনৰ আৰম্ভ কৰিছে প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠা বিভিন্ন দল সংগঠন বৃহস্পতিবাৰৰ দিনটোৰ পৰাই আৰম্ভ কৰে প্ৰতিবাদ। বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীত কৃষক মুক্তি সংগ্রাম সমিতিত আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালে নিশাৰ ভাগত শিৱসাগৰ জিলা উত্তাল কৰি তোলে সদৌ অসম ছাত্ৰ সন্থাই। নিশা শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক বৃহৎ জোঁৰ সমদল উলিয়াই। হাতে হাতে জলন্ত শিখা লৈ সহস্ৰাধিক আছুৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে। শিৱসাগৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা সমীৰণ ফুকন, দীপাংকৰ শইকীয়া, মানৱ হাজৰিকাকে আদি কৰি কেইবা গৰাকী আছুৰ নেতাৰ নেতৃত্বত ওলোৱা জোঁৰ সমদলত প্ৰাক্তন আছুৰ নেতা শৰৎ হাজৰিকাই অংশগ্ৰহন কৰে। চহৰৰ মাজেদি সমদল কৰি যোৱা প্ৰতিবাদকাৰী সকলে ‘জাতি আজি ৰাজপথত-সৰ্বা তোমাৰ লাজ নাই’, বাংলাদেশী ৰক্ষক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি শ্ল’গানেৰে চহৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে আছুৰ নেতা সমীৰণ ফুকনে কয় যে, নাগৰিকত্ব সংশোধনী অইনে অসমীয়া জাতিক নিঃশেষ কৰিব। বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পাছতেই ৰাজনৈতিক ক্ষমতা লাভ কৰিব। যাৰ পৰিপ্ৰেক্ষিতত অসমীয়াই ৰাজনৈতিক ক্ষমতা হেৰুৱাব লাগিব। অসমৰ ভাষা- সংস্কৃতিৰ অৱস্থা হ’বগৈ ত্ৰিপুৰাৰ দৰে। গাঁও পঞ্চায়তৰ পৰা বিধানসভা, লোকসভালৈকে বাংলাদেশীয়ে দখল কৰিব। ইমানেই নহয়, চাকৰিৰ ক্ষেত্ৰতো থলুৱা নিবনুৱাক বঞ্চিত কৰি বাংলাদেশীয়ে সুযোগ লাভ কৰিব। এনে পৰিস্থিতিত সকলো শ্ৰেণীৰ লোক ঐক্যবদ্ধ হৈ এই আইনখন বাতিলৰ বাবে সংগ্ৰাম কৰিব লাগিব। “কা” বাতিল নকৰালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ফুকনে।