নগাঁও
১১ ডিচেম্বৰ

“কা” বিৰোধী আন্দোলনত উত্তাল নগাঁৱৰ ৰাজপথ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উলিয়ালে প্ৰতিবাদী সমদল। ক’লা পতাকা উৰুৱাই বাইক ৰেলী ছাত্ৰ সন্থাৰ। “কা” আমি নামানো ধ্বনিৰে উত্তাল নগাঁৱৰ ৰাজপথ।

“কা” বিৰোধী আন্দোলনত শুকুৰবাৰে উত্তাল হৈ পৰিল নগাঁও। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে “কা”ৰ বিৰোধিতা কৰি এই বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ পৰা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপলৈকে সমদল কৰে সংগঠনটোৱে। “কা” বাতিল কৰিবই লাগিব, “কা” আমি নামানো, ধ্বনিৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে নগাঁৱৰ ৰাজপথ। প্ৰৰিবাদী সমদলত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে সমদল কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ “কা” আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাৰে সুৱৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ লগতে নগাঁওবাসীয়ে।

কোনো কাৰণতে “কা’ মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলে। একে সময়তে ১১ ডিচেম্বৰৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰি নগাঁৱৰ ৰাজপথত ক’লা পতাকা উৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে। হাতে হাতে ক’লা পতাকা লৈ বাইক ৰেলী উলিওৱাৰ লগতে চহৰখনৰ বিভিন্ন প্ৰান্তত উত্তোলন কৰে ক’লা পতাকা ছাত্ৰ সন্থাৰ সদস্য সকলে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ জব্দ কৰে উত্তোলন কৰা ক’লা পতাকা সমূহ।