আজিজুল হক

বৰপেটা

১০ ডিচেম্বৰ

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত বৰপেটা জিলা উপায়ুক্তৰ ট্ৰেক্টৰ বিতৰণ। ১৭ খন ট্ৰেক্টৰ কৃষি আত্মসহায়ক গোটৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই।

বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বৃহস্পতিবাৰে পুণৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত ১৭ খন ট্ৰেক্টৰ কৃষি আত্মসহায়ক গোটৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এটি চমু অনুষ্ঠানত জিলা কৃষি বিষয়া অমিয় হাজৰিকা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপস্থিতিত উপায়ুক্ত গৰাকীয়ে এই ট্ৰেক্টৰ কেইখন ১৭ খন গাঁৱৰ গোটৰ মাজত বিতৰণ কৰে। বিতৰণ কৰা ট্ৰেক্টৰ সমূহৰ ভিতৰত এছকোৰ্ট কোম্পানীৰ ১০ খন, স্বৰাজৰ ৫ খন, আইছাৰৰ এখন আৰু নিউ হোলেণ্ডৰ এখন ট্ৰেক্টৰ আছে। উল্লেখযোগ্য যে কৃষক গোট সমূহক তেওঁলোকৰ পছন্দ অনুসৰি ট্ৰেক্টৰ নিৰ্বাচন কৰি লোৱাৰ সুবিধা প্ৰদান কৰা হয়।

জিলাখনৰ প্ৰতিখন গাঁৱতে এই আচঁনিৰ অধীনত এখনকৈ ট্ৰেক্টৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াকে লৈ চলিত বৰ্ষত এই আচঁনিখনৰ অধীনত বিতৰণ কৰা ট্ৰেক্টৰৰ সংখ্যা হ’লগৈ ৩৪৮ খন। চলিত বৰ্ষটোতে ৪৩৯ খন ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।