আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ ডিচেম্বৰ

শিৱসাগৰত কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি ৭০ টা সংগঠনৰ গুৰুত্বপুৰ্ণ সংবাদমেল৷ “কা” ৰ বিৰুদ্ধে পুণৰ সৰ্ববৃহত আন্দোলনৰ প্ৰস্তুতি। এইবাৰ সৰ্ববৃহত পৰ্যায়ত আন্দোলন চলাই নিয়াৰ ঘোষণা। বিজেপি আৰু আৰ এছ এছক উৎখাত কৰাৰ সংকল্প।

শনিবাৰে শিৱসাগৰ জিলাত কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি ৭০ টা সংগঠনে এক গুৰুত্বপুৰ্ণ সংবাদমেল অনুষ্ঠিত কৰি “কা” আন্দোলন পুনৰ সৰ্ববৃহৎ পৰ্যায়ত চলাই নিয়াৰ ঘোষণা কৰে। বিজেপি আৰু আৰ এছ এছক উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰা সংবাদমেলত কৃষক নেতা ধৈৰ্য্য কোঁৱৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,মন্ত্ৰী হিমন্ত বিশ্ব, অতুল বৰাক জাতিৰ শত্ৰু আখ্যা দিয়ে। শিৱসাগৰৰ পৰাই এইবাৰ “কা” বিৰোধী আন্দোলন আৰম্ভ হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে কৃষক নেতা গৰাকীয়ে। কৃষক নেতা ধৈৰ্য্য কোঁৱৰে সকলো দল-সংগঠন, মন্দিৰ-মছজিদ পৰিচালনা সমিতিক সকলো মতাদৰ্শ এৰি একেলগে এই আন্দোলন আগবঢ়াই নিয়াৰ বাবে আহব্বান জনায়৷ দেওবাৰৰ পৰাই শিৱসাগৰত “কা”ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ হ’ব বুলি জানিবলৈ দি কৃষক নেতা ধৈৰ্য্য কোঁৱৰে কয় ঐতিহাসিক শিৱসাগৰেই হ’ব এই “কা” বিৰোধী আন্দোলনৰ পটভূমি৷ আনহাতে ২ জানুৱাৰীৰ পৰা শদিয়াৰ পৰা ধূবুৰীলৈ একে সময়তে আৰম্ভ হ’ব “কা”ৰ বিৰুদ্ধে ৰাইজমেল৷ শিৱসাগৰত “কা”ৰ বিৰুদ্ধে আন্দোলন চলাই নিয়াৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি ৭০ টা সংগঠনে ৪ টাকৈ গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ প্ৰস্তাৱ অনুসৰি ২ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ৰাইজ মেল অনুষ্ঠিত কৰা, সকলোৱে” কা” আন্দোলন একেলগে আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা, আৰ এছ এছ আৰু বিজেপিক উৎখাত কৰা আৰু অখিল গগৈক বিনাস্বৰ্তে মুক্তিৰ দাবী। অখিল গগৈক মুক্তি নিদিলে ২৬ ডিচেম্বৰৰ পৰাই উত্তাল আন্দোলন কৰাৰো হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷

ইফালে শিৱসাগৰ সমষ্টিৰ পৰাই কৃষক নেতা অখিল গগৈয়ে আগন্তক বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হ’ব বুলিও কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে জানিবলৈ দিয়ে। অসম জাতীয় পৰিষদৰ সৈতে ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে বুলি জানিবলৈ দি কৃষক নেতা গৰাকীয়ে কয় অহা জানুৱাৰী মাহতে ৰাইজে এই সম্পৰ্কে ভাল খবৰ লাভ কৰিব।