আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ
২০ ডিচেম্বৰ

শিৱসাগৰত গাড়ী চোৰৰ দলৰ ভয়ংকৰ কাণ্ড৷ গাড়ী চোৰৰ দলৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা এজন গাড়ী চালকৰ৷ হত্যাৰ উদেশ্যে বিষাক্ত দ্ৰব্য খোৱাই পেলাই থৈ গ’ল গাড়ী চালক জনক৷ বগীবিললৈ ভাড়া লৈ যোৱা গাড়ী চালকক গোলাঘাটত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ৷

গাড়ী চোৰৰ দলৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন গাড়ী চালকৰ। বগীবিললৈ গাড়ী ভাড়ালৈ নিয়া গাড়ী চোৰৰ দলটোৱে গাড়ী চালক জনক বিষাক্ত দ্ৰব্য খুৱাই মুমুৰ্ষ অৱস্থাত গোলাঘাটৰ ৰঙাজানত পেলাই থৈ যায়। চোৰৰ দলটোৱে শিমলুগুৰিৰ গাড়ী চালক জনক গোলাঘাটত পেলাই কাঢ়ি লৈ যায় চালকজনৰ এএছ-০৪-ৱাই-৬০৯০ নম্বৰৰ টাটা টিগ গাড়ীখন। গাড়ী চোৰৰ দলটোত দুজন পুৰুষ, এগৰাকী মহিলাৰ লগতে এটা শিশু আছিল বুলি জানিব পৰা গৈছে। গাড়ী চোৰৰ দলটো শিৱসাগৰ চহৰৰ এটা লজত আছিল। যোৱা পৰহি শিমলুগুৰিৰ পৰা চোৰৰ দলটোৱে লক্ষী শইকীয়াৰ গাড়ীখনলৈ ভাড়াতলৈ গাড়ীখনেৰে ৰংঘৰ, কাৰেংঘৰ চাই বগীবিল দলং চাবলৈ যাত্ৰা কৰিছিল। বগীবিল দলংৰ সমীপত চোৰৰ দলটোৰ লগত চালকজনে আহাৰ গ্ৰহণ কৰাৰ পিছতেই চেতনাহীন হৈ পৰিছিল।পৰৱৰ্তী সময়ত গাড়ী চোৰৰ দলটোৱে গোলাঘাটৰ ৰঙাজানত মুমুৰ্ষ অৱস্থাত গাড়ী চালকজনক পেলাই থৈ গাড়ী লৈ উধাও হয়৷

গোলাঘাট আৰক্ষীয়ে গাড়ী চালক লক্ষী শইকীয়াক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসলায়খনত ভৰ্তি কৰে।গাড়ী চোৰ বিশ্বজিত পেগুৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ বৰ্তমান শিৱসাগৰৰ এখন চিকিৎসালয়ত জীৱন মৃত্যুৰে যুজি আছে গাড়ীখনৰ চালক লক্ষী শইকীয়াই৷