গুৱাহাটী 

১৯ ডিচেম্বৰ

মহানগৰীৰ জালুকবাৰীত শনিবাৰে পুৱানসংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এই ভয়াবহ অগ্নিকাণ্ডত জাহ যায় ৫০ টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

পুৱাৰ ভাগত সংঘটিত অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। ৰাইজে অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলায় যদিও জুই অঞ্চলটোত থকা কেইবাখনো বাসগৃহলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত ৫০ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বহু পৰিমাণৰ মূল্যবান সামগ্ৰীও জুইত জাহ যায়।

ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা চলায়। অগ্নি নিৰ্বাপক বাহিনীৰ দলে কেইবাখনো গাড়ীলৈ বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।