আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৪ ডিচেম্বৰ

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবী দেশৰ ৰাজধানী দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ প্ৰতি সংহতি প্ৰকাশ কৰি সোমবাৰে দেশজুৰি বাওঁদল সমূহৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখতো বাওঁদল সমূহে কৃষি আইন বাতিলৰ দাবীত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷

প্ৰতিবাদী কাৰ্যসূচীত চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু জিলা সম্পাদক কনক গগৈ, চি পি আই (এম)ৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়া, কৃষক নেতা মদন বৰুৱা, দেৱেন গোহাঁই, শ্ৰমিক নেতা নৰেন বৰুৱাই কেন্দ্ৰৰ বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি বক্তব্য প্ৰদান কৰে৷ চি পি আই নেতা কনক গগৈয়ে নৰেন্দ্ৰ মোদী তথা বিজেপি চৰকাৰক চকু মেলিবলৈ আহ্বান জনাই কয় যে অন্নদাতা লক্ষ লক্ষ কৃষকে আজি ১৭ দিন ধৰি প্ৰচণ্ড শীতকো নেওচি কৃষক বিৰোধী তিনিওখন আইন বাতিল কৰিবলৈ দেশৰ ৰাজধানীত অৱস্থান কৰি বিদ্ৰোহ ঘোষণা কৰিছে৷ ইতিমধ্যে কেইবাজনো কৃষকে প্ৰাণ আহুতি দিব লগাওঁ হৈছে। আদানী, আম্বানি প্ৰীতি চৰকাৰে বন্ধ কৰক আৰু শীঘ্ৰে আইন তিনিখন বাতিল কৰক৷ অন্যৰ্থা চৰকাৰে অভাৱনীয় পৰিস্থিতি সন্মুখীন হ’ব লাগিব বুলিও হুংকাৰ দিয়ে চি পি আই নেতা কনক গগৈয়ে। কৃষকৰ মাটিৰ ওপৰত থকা অধিকাৰ কাঢ়ি নিব বিচৰা আইন আৰু উৎপাদিত ফচলৰ ন্যায্য মূল্য নোপোৱা আইন কেতিয়াও কৃষকৰ স্বাৰ্থত হ’ব নোৱাৰে বুলিও কয় কনক গগৈয়ে।

তদুপৰি দাইল, আলু, পিঁয়াজ তেল, চাউল আদি খাদ্য সামগ্ৰী সমূহ চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়াটো কেতিয়াও দেশবাসীৰ সাধাৰণ জনগণৰ হিতৰ আইন হ’ব নোৱাৰে। কনক গগৈয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰখনক অসাংবিধানিক, অগণতান্ত্ৰিক আৰু অসংসদীয়ভাৱে আইন প্ৰণয়ন কৰা ফেচিষ্ট কামবোৰ বন্ধ কৰিবলৈও দাবী জনায়৷