গুৱাহাটী

১৪ ডিচেম্বৰ

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মানসিক ফিটনেছ আৰু লাইফষ্টাইলৰ সুবিধা আগবঢ়োৱা গুৱাহাটীৰ আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে সোমবাৰে ভিনাইল কাফেত তেওঁলোকৰ ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক এক বিশেষ অনুষ্ঠান মুকলি কৰে৷ এই অনুষ্ঠান মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে ‘শ্ৰেষ্ঠ শিক্ষক’ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ৰাণু বৰগোঁহাইও উপস্থিত থাকে।

আঁকোৱালি ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ৰ দ্বাৰা ডিমেনচিয়াত আক্ৰান্ত জ্যেষ্ঠ নাগৰিকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যাক সাধাৰণতে আলজেইমাৰ বুলিও কোৱা হয়৷ উক্ত পদক্ষেপটোৰ অধীনত প্ৰদান কৰা সেৱাসমূহত ডিমেনচিয়াৰ শুশ্ৰূষা, জৰুৰীকালীন চিকিৎসা সেৱা আৰু সাপ্তাহিক কাউন্সেলিঙৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সন্দৰ্ভত অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়, ‘‘আমাৰ জ্যেষ্ঠজনে যাতে যথাসম্ভৱ শ্ৰেষ্ঠতম সেৱাসমূহ লাভ কৰিব পাৰে সেই সন্দৰ্ভত আমি নিশ্চিত হোৱাটো অতিকৈ আৱশ্যক৷ এই পৰিপ্ৰেক্ষিতত ‘আকুলি কেয়াৰ ছাৰ্ভিচেছে’ এনেধৰণৰ সেৱা আগবঢ়াবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷’’

আনহাতে, গেৰিয়াট্ৰিক কেয়াৰৰ মনোবিজ্ঞানী দেবাস্তুতি বৰুৱাই অনুষ্ঠানত উপস্থিত থাকি কয়, ‘‘বৰ্তমান সমাজত প্ৰায়েই ডিমেনচিয়াত আক্ৰান্ত লোকৰ সংখ্যা পৰিলক্ষিত হৈছে৷ এনে ৰোগীক পেছাগত সহায়ৰ প্ৰয়োজন নাই বুলি এক ভ্ৰান্ত ধাৰণা গঢ়ি উঠাও দেখা গৈছে৷ আঁকোৱালিত আমি এক বিশেষ পদক্ষেপৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলক উপযুক্ত শুশ্ৰূষা প্ৰদান, কাউন্সেলিং তথা সাহচৰ্য প্ৰদানৰ দিশত আগবাঢ়িছো৷’’