কুন্দন ভৰালী

নগাঁও 

১৪ ডিচেম্বৰ

নগাঁৱত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। অতি শীঘ্ৰে চাহ জনজাতিৰ লোক সকলৰ সমস্যা সমাধান নকৰিলে প্ৰতিবাদ অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁওতো ৰাজ্যৰ চাহ জনজাতি লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমুহৰ সমাধানৰ দাৱীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে। চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কেইবা শতাধিক সদস্যই চাহ জনজাতিৰ লোক সকলৰ দহ দফীয়া দাৱীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে বিজেপিৰ কাম নাই, সৰ্বানন্দ সোণোৱাল চৰকাৰ মূর্দাবাদ, মোদী চৰকাৰ মূর্দাবাদ, বিজেপি গ’ বেক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

সংগঠনটোৰ দহদফীয়া দাৱীৰ ভিতৰত মূল দাবী সমূহ হৈছে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ লোক সকলক ভূমিৰ পট্টা প্ৰদান কৰা, বিভিন্ন চৰকাৰী বিভাগত চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা সকলক নিযুক্তি প্ৰদনাৰ ব্যৱস্থা কৰা। প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবী সমূহ সমাধানৰ ক্ষেত্ৰত অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্রতৰ কৰি তোলাৰ হুংকাৰ দিয়ে।