কুন্দন ভৰালী

নগাঁও

৩ জুলাই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। নগাঁও জিলা ছাত্ৰ সন্থাই ৰাজপথত দাহ কৰিলে প্ৰতিমূৰ্তি। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে জ্বলিল আমাৰ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি।

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ভাৰতত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলৰ আৰ্থিক ভাৱে জুৰুলা হৈ পৰা সাধৰণ জনতাৰ মূৰত পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে অধিক মাধমাৰ সুধাইছে। কেন্দ্ৰ চৰকাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাত প্ৰতিদিনে চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন দল-সংগঠনে। শুকুৰবাৰে নগাঁও চহৰৰ মাজ মজিয়াত নগাঁও জিলা ছাত্ৰ সন্থাই পেট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

নগাঁও জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ হয় হয়, বিজেপি মূর্দাবাদ, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী মৰি গ’ল আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ছাত্ৰ সন্থাৰ সদস্য সকলে ৰাজপথৰ ওপৰতে কেন্দ্ৰয়ী পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি পেট্ৰ’ল-ডিজেলৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি কৰা কেন্দ্ৰৰ বিজেপি চৰকাৰক ৰাইজে আগন্তক দিনত উচিত শিক্ষা দিব বুলি মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

ইফালে অসম চৰকাৰৰ যোগান বিভাগক চূড়ান্ত ব্যৰ্থ বিভাগ বুলি অভিহিত কৰি যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি কয় যোগান মন্ত্ৰী গৰাকীয়ে কৰ’ণা ভাইৰাছৰ এই মহামাৰীৰ সময়ত মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ পৰিবৰ্তে কেইটামান টকাৰ লোভত দিছপুৰত আৱদ্ধ হৈ বহি আছে।