খবিৰ আলী

ঙলদৈ

৩ জুন

গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে মঙলদৈ চহৰ। ভ্ৰমণ ইতিহাস নথকা চহৰখনৰ দুগৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছ। গণ সংক্ৰমণকলৈ শংকিত হৈ পৰিছে সমগ্ৰ মঙলদৈবাসী।

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণা ভাইৰাছ। প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। গুৱাহাটী মহানগৰীত কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া ৰাজ্যৰ অন্যান্য জিলা সমূহতো গণ সংক্ৰমণৰ শংকা বিৰাজ কৰিছে। শুকুৰবাৰে দৰং জিলাৰ সদৰ মঙলদৈ চহৰৰ মাজ মজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এজন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। আক্রান্ত লোক জনৰ কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকাৰ বাবে মঙলদৈবাসী চহৰখনত গণ সংক্ৰমণ আৰম্ভ হোৱাৰ শংকাত ভূগিছে। উল্লেখ্য যে, দুদিন পূৰ্বেও চাহৰখনত কোনো ধৰণৰ ভ্ৰমণ ইতিহাস নথকা অন্য এগৰাকী লোকৰ শৰীৰতো কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। জিলা প্ৰশাসনে ইতিমধ্যে মঙলদৈ ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ কৰি কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

ৰাজ্যত বৰ্তমানলৈকে ৯ হাজাৰতকৈও অধিক লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পৰিবৰ্তে আৰোগ্য লাভ কৰিছে ৬ হাজাৰতকৈ অধিক লোক। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩ হাজাৰকৈও অধিক কৰ’ণা ভাইৰাছত আক্রান্ত ৰোগী। আনহাতে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত মৃত্যু হৈছে ১৪ গৰাকী লোকৰ।