ফজলুৰ ৰহমান

সোণতলী

২৯ জুলাই

যন্ত্ৰচালিত নাৱত মাইক যোগে বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ ৰাইজক আহ্বান জনাবলৈ গৈ বিদ্যৎস্পৃষ্ট হৈ মৃত্যু বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ। দক্ষিণ কামৰূপৰ অন্তৰ্গত সোণতলীৰ বগুৰীগুৰীত বিদ্যৎস্পৃষ্ট হৈ এজন নিহত হোৱাৰ লগতে দুজন গুৰুত্বৰভাৱে আহত৷

মঙলবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত বকো বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আলিম উদ্দিন নামৰ এজন লোকে সোণতলীৰ বগুৰীগুৰীত যন্ত্ৰচালিত নাৱত মাইক বান্ধি বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ ৰাইজক আহ্বান জনাই থকা অৱস্থাত হঠাৎ মাইকত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰ লাগি ধৰাত বিদ্যুৎস্পৃষ্ট হৈ আলিম উদ্দিনৰ মৃত্যু ঘটে। ঘটনাত আলিম উদ্দিনৰ লগত থকা অন্য দুজন ব্যক্তিও গুৰুত্বৰ ভাৱে আহত হয়। আহত ব্যক্তি দুজনৰ এজন মালীবাৰী সত্ৰৰ শ্বহিদুল হক আৰু আনজন ১নং মালীবাৰীৰ নুৰুল ইছলাম বুলি জানিব পৰা গৈছে। ইয়াৰে নুৰুল ইছলামো বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। ঘটনাৰ পিছত স্থনীয় ৰাইজে আলিম উদ্দিনসহ আহত ব্যক্তি দুজনক উদ্ধাৰ কৰি বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে পৰীক্ষা নিৰীক্ষা অন্তত আলিম উদ্দিনক মৃত বুলি ঘোষণা কৰে। আনহাতে আহত ব্যক্তি দুজনৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত ব্যক্তি দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

আনহাতে আলিম উদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বকো আৰক্ষীয়ে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে। বিদ্যুৎ বিভাগত কৰ্মৰত অৱস্থাত মৃত্যু ঘটা আলিম উদ্দিন তিনি সন্তানৰ পিতৃ। অতি দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আলিম উদ্দিন৷