মেঘালয়, সংবাদ ৩৬৫, ১৪ এপ্ৰিল: উত্তৰ পূৱৰ মেঘালয়ত ১৪ এপ্ৰিলৰ পৰা জাৰি কৰা হৈছে ৪৮ ঘন্টীয়া সান্ধ্য আইন। মেঘালয়ৰ বেথনী হস্পিতালৰ এজন ডাক্তৰৰ দেহত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰাৰ পিছতে ৰাজ্যখনত জাৰি কৰা হৈছে সান্ধ্য আইন। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে ৰাজ্যখনত অন্য সেৱাবোৰ বন্ধ কৰাৰ ঘোষণা কৰিছে প্ৰশাসনে।

সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছে এক মহামাৰী ৰূপে থিয় দিয়াৰ লগতে কেইবালক্ষাধিক লোকৰ মৃত্যু হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ ফলত। চীন, ইটালী, ফ্ৰান্স, আমেৰিকা আদি দেশৰ লগতে ভাৰততো ৯ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছত। ইয়াৰ উপৰিও কৰ’ণা ভাইৰাছৰ ফলতে ভাৰতত মুঠ ৩৩৫ জন লোক মৃত্যুমুখত পৰিছে। ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত উত্তৰ পূবটো বৃদ্ধি পাইছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। উত্তৰ পূৱৰ অসমত মুঠ ৩১ জন, মণিপুৰত ২ জন, ত্ৰিপুৰাত ২ জন, নাগালেণ্ডত ১ জন, মিজোৰামত ১ জন, অৰুণাচল প্ৰদেশত ১ জন লগতে মেঘালয়তো ১ জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত।মেঘালয়ৰ বেথানী হস্পিতালত এজন চিকিৎসকৰ দেহত সন্ধান পোৱা গৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ। ইয়াৰ পিছতে স্বাস্থ্যবিভাগৰ তৰফৰ পৰা ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে ৪৮ ঘণ্টাৰ সান্ধ্য আইনৰ। ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে বন্ধ কৰি দিয়া হৈছে অন্যান্য সকলো সা-সুবিধা।

মেঘালয়ত ১ জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ৰাজ্যবাসীক ঘৰতে থকাৰ লগতে সুৰক্ষিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী কণৰাড চাংমাই। ইয়াৰ উপৰিও ২২ মাৰ্চৰ পিছত বেথানী হস্পিতালত যোৱাসকলক অতি সোনকালে ১০৮ নম্বৰত ফোন কৰি পঞ্জীয়ন কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। অতি সোনকালেই বেথানী হস্পিতালৰ সমূহ স্বাস্থ্যকৰ্মীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বেথানী হস্পিতালখন কোৱাৰানটাইন কেম্পলৈ ৰূপান্তৰ কৰিব বুলিও জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই।