গুৱাহাটী, সংবাদ ৩৬৫, ১১ মাৰ্চ: বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যসভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সকলো জল্পনা কল্পনাৰ অন্তত পেলাই অজিত কুমাৰ ভূঞাই হ’ব বিৰোধী উমৈহতীয়া প্ৰাৰ্থী বুলি ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

নতুন দিল্লীত ৰিপুন বৰাই সম্বোধন কৰা সংবাদমেলখনত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, এ আই ইউ ডি এফৰ নেতা আমিনুল ইছলামকে ধৰি বহুকেইজন নেতা। ইফালে সামাজিক মাধ্যমত অজিত কুমাৰ ভূঞাৰ লগতে “কা” সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্পষ্টীকৰন দি কয় যে অজিত কুমাৰ ভূঞাক “কা” বিৰোধৰ বাবে নহয় তাৰ পৰিৱৰ্তে অসমৰ সকলোধৰণৰ সমস্যাৰ বাবে নি-স্বাৰ্থ ভাবে মাত মাতি অহাৰ বাবেহে প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে পূৰ্বতে বিজেপি আৰু এ আই ইউ ডি এফৰ মিত্ৰতা আছিল যদিও ২০২১ত এ আই ইউ ডি এফৰ মিত্ৰতা হ’ব কংগ্ৰেছৰ লগত। ইয়াৰ উপৰিও অখিল গগৈ, প্ৰফুল্ল মহন্ত আৰু আছুৰ নতুন দলটিৰ বাবেও সদায় কংগ্ৰেছৰ দুৱাৰ খোলা থাকিব বুলিও মন্তব্য কৰে গগৈয়ে।