গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মাৰ্চ: কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ইতিমেধ্যে শিক্ষানুষ্ঠান, জিম, ছুইমিংপুল, অসম ৰাজ্যিক চিৰিয়খানা, পার্কৰ লগতে গণসমাৱেশ হোৱা প্ৰতিটো স্থান বন্ধ কৰিছে। এইবাৰ জনতা ভৱনত প্ৰবেশো বন্ধ কৰি দিলে সচিবালয় প্ৰশাসনে৷

মঙলবাৰৰ চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰতিদিনে ১০০ জনকৈ লোক জনতা ভৱনত প্ৰৱেশ কৰিব পৰিব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও বুধবাৰে চৰকাৰে সম্পূৰ্ণৰূপে জনতা ভৱনত মানুহৰ প্ৰৱেশ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ নতুন নিৰ্দেশ অনুসৰি ৩১ মাৰ্চলৈ জনতা ভৱনত মানুহৰ প্ৰৱেশ বন্ধ থাকিব। জনতা ভৱনত অহা লোকসকলৰ লগতে প্ৰৱেশৰ বাবে দিয়া যান বাহনৰ প্ৰৱেশ পুত্ৰসমূহও মূল্যহীন হ’ব ৩১ মাৰ্চলৈ৷

ব্যক্তিগত তথা বিভিন্ন ৰাজহুৱা আৰু চৰকাৰী কামৰ উদ্দেশ্যেই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লোক প্ৰতিদিনে জনতা ভৱনলৈ আহে। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ ফলতে অসমত যাতে এই ভয়াবহ ভাইৰাছৰ সংক্ৰমণ নঘটে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।