নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ মাৰ্চ: সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ভাৰতবৰ্ষটো বৃদ্ধি পাইছে। বৰ্তমানলৈকে ভাৰতবৰ্ষত ১২৫ জনলৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ লগতে মঙলবাৰে মুম্বাইৰ কস্তুৰবা চিকিৎসালয়ত এগৰাকী ৬৪ বছৰীয়া লোকৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমনত মৃত্যু হোৱাৰ পিছত ভাৰতত মৃতকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে।

ভাৰতবৰ্ষৰ মহাৰাষ্ট্রত ৩৯ জন আৰু কেৰালাত ২২ জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত।বিশ্বজুৰি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা মঙলবাৰে ১,৭৫,৫৩৬ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৭,০০৭। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চীনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,২১৩ আৰু ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২,১৫৮জন।

অসমত বৰ্তমানলৈকে এজনো লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ স্পষ্ঠী হোৱা নাই যদিও ৰাজ্য ৰাজ্য চৰকাৰে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাকৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ইতিমধ্যে সকলো শিক্ষা অনুষ্ঠান অহা ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।