গুৱাহাটী, সংবাদ ৩৬৫, ৩ মে’ : কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া সকলৰ ওপৰত পুষ্পবৃষ্টি। সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো ভাৰতীয় বায়ু সেনাৰ হেলিকেপ্টেৰেৰে চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ ওপৰত পুষ্প বৃষ্টি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ ওপৰত পুষ্পবৃষ্টি কৰি বায়ু সেনাই ধন্যবাদ জ্ঞাপন কৰিলে।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চলিছে মানৱ জাতিৰ যুদ্ধ। মাৰাত্মক এই ভাইৰাছক পৰাজিত কৰিবলৈ মানৱ জাতিৰ হাতত নাই কোনো অস্ত্ৰ। অস্ত্ৰহীন ভাবে মানৱ জাতি অৱতীৰ্ণ হৈছে এই অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুদ্ধত। মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ এই যুদ্ধখনক সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰিছে চিকিৎসক তথা চিকিৎসা কৰ্মী সকলে। নিজৰ প্ৰাণকো তুচ্ছ বুলি গণ্য কৰি চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে চলাই যোৱা এই যুদ্ধখনৰ বাবে চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ ওচৰত পৃথিৱী থকালৈকে কৃতজ্ঞ হৈ থাকিব মানৱ জাতি। চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ এই মহান অৱদানৰ ঋণ পৰিশোধ কৰাটো মানৱ জাতিৰ বাবে কেতিয়াও সম্ভৱ নহ’ব যদিও তেওঁলোৰ মহান অৰিহণাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাটো মানৱ জাতিৰ এক প্ৰধান কৰ্তব্য। এই কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ভাৰতীয় বায়ু সেনাই সমগ্ৰ দেশৰ চিকিৎসক তথা চিকিৎসা কৰ্মী সকলক এক ব্যতিক্ৰমী পন্থাৰে ধন্যবাদ জ্ঞাপন কৰিলে। সমগ্ৰ দেশতে দেওবাৰে ভাৰতীয় বায়ু সেনাই চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ ওপৰত পুষ্পবৃষ্টি কৰি ধন্যবাদ জ্ঞাপন কৰিলে। অসমতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ ওপৰত বায়ু সেনাৰ হেলিকেপ্টেৰে পুষ্পবৃষ্টি কৰে।

ভাৰতীয় বায়ু সেনাৰ দুখনকৈ হেলিকেপ্টেৰে পুৱাৰ ভাগত প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ ওপৰত পুষ্পবৃষ্টি কৰি পিছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ ওপৰত পুষ্পবৃষ্টি কৰি চিকিৎসক তথা চিকিৎসা কৰ্মী সকলে চলাই যোৱা কৰুণা বিৰোধী যুদ্ধখনৰ বাবে তেওঁলোকৰ শলাগ লৈ তেওঁলোকক চেল্যুট কৰে।