ছয়গাঁও, সংবাদ ৩৬৫, ৩ মে’ : দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলিত দেওবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। ট্ৰেক্টৰৰ চেপাত পৰি দুই ভগ্নী নিহত হোৱাৰ পৰিবৰ্তে আঘাতপ্ৰাপ্ত হয় অন্য এগৰাকী ভগ্নী। দুৰ্ঘটনাক কেন্দ্ৰ কৰি জোৰশিমুলিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

লক ডাউনৰ মাজতে দেওবাৰে ছয়গাঁও সমষ্টিৰ জোৰশিমুলিত এক দুর্ঘটনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিজ বাসগৃহৰ সন্মুখত তিনি ভগ্নী খেলি থকা অৱস্থাত ট্ৰেক্টৰ এখনে নিয়ন্ত্ৰণৰ হেৰুৱাই তিনিও ভগ্নীকে মহতিয়াই নিয়ে। দুৰ্ঘটনাত ফলত থিতাতে নিহত হয় নাৰ্জিমা আখতাৰ নামৰ ১২ বছৰীয়া কিশোৰী গৰাকী। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ১০ বছৰীয়া নাচিমা আখতাৰ আৰু ৬ বছৰীয়া হাচিনা আখতাৰ নামৰ দুই ভগ্নী। জোৰশিমুলি আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত দুয়ো ভগ্নীক গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত নাচিমা আখতাক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। সংকটজনক অৱস্থাত থকা নাচিমা আখতা গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু হয়। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নৈৰ পৰা ট্ৰেক্টৰখনে অবৈধ ভাবে বালি খনন কৰি কঢ়িয়াই আনি থকা অৱস্থাত এই দুর্ঘটনা সংঘটিত হয়। জোৰশিমুলী আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে ট্ৰেক্টৰ চালকজনক আটক কৰে। দুৰ্ঘটনাত দুগৰাকীকৈ কিশোৰী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি জোৰশিমুলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰ বাহনতো আক্ৰমণ চলাই একাংশ উত্তেজিত লোকে। আক্ৰমণত গৰৈমাৰী আৰক্ষীৰ এএচ-৩০-৬৬৬৭ নম্বৰৰ বাহনখন ক্ষতিসাধন হয়। পৰিস্থিতি অধিক ভয়াবহ হ’বলৈ ধৰাত ঘটনাস্থলীত ততাতৈয়াকৈ ছয়গাঁও আৰক্ষী আৰু চি আৰ পি এফ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পিছত ঘটনাস্থলীত কামৰূপ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া উপস্থিত হৈ অঞ্চলটো পৰিদৰ্শন কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জানিবলৈ দিয়ে যে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এই বিষয়ত দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।