বাক্সা, সংবাদ ৩৬৫, ২ মে’ : লক ডাউন আইন ভংগ কৰি নাহৰফুটুকী বাঘ ধৰিবলৈ ওলাই আহিল শতাধিক লোক। ভূটানৰ পাহাৰৰ পৰা নামি অহা নাহৰফুটুকীটোৰ আক্ৰমণত আহত এজন, মৃত্যু হ’ল নাহৰফুটুকীটোৰো।

কভিড-১৯ কৰুণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই চলাটো একমাত্ৰ পথ বুলি সমগ্ৰ বিশ্বই জ্ঞাত। সামাজিক দূৰত্ব বজাই দেশবাসীক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ সমগ্ৰ দেশ যোৱা ২৪ মাৰ্চৰ পৰা বিভিন্ন কষ্ট আৰু সমস্যাৰ সন্মুখীন হৈও লক ডাউনৰ নিচিনা এক কঠোৰ আৰু গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰি আছে। ইয়াৰ মাজতো কিন্তু কিছুমান লোকে প্ৰতিদিনে উলংঘ কৰিয়েই আছে লক ডাউন আইন। লক ডাউন আইন উলংঘৰ সমান্তৰালে কিছুমানে আকৌ এই সংকটৰ সময়তো ভৰিৰে মোহাৰি আছে বন্যপ্ৰাণী সুৰক্ষা আইন। এনে এক অনুৰূপ ঘটনা শনিবাৰে সংঘটিত হ’ল বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলিৰ ইক্ৰাবিলত। পুৱাৰ ভাগত অঞ্চলটোত এটা নাহৰফুটুকী বাঘক কেন্দ্ৰ কৰি সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিবেশ। গৰু এৰাল দিবলৈ গৈ দুজন লোকে এটা নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় এক আতংকয়ময় পৰিস্থিতি। নাহৰফুটুকী বাঘৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে লক ডাউনৰ ভংগ কৰি শতাধিক লোক ওলাই আহে নাহৰফুটুকী বাঘটো চাবলৈ। ভূটান পাহাৰৰ পৰা নামি বাঘটোক ধৰিবলৈ কিছুমানে চেষ্টা চলোৱাত নাহৰফুটুকীটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় স্থানীয় যুৱক ইছমাইল চৰেণ। নাহৰফুটুকীৰ আক্ৰমণত এজন ব্যক্তি আহত হোৱাৰ সমান্তৰালে নাহৰফুটুকী বাঘটোও আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ মুখত পৰে। ঘটনাৰ খবৰ, পাই কুমাৰীকাটা বন বিভাগৰ বনাঞ্চলিক বিষয়া প্ৰণৱ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দল আৰু নাগ্ৰিজুলি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত অৱস্থাত বাঘটোক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, লক ডাউন আৰম্ভ হোৱাৰে পৰা মানুহ ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰাত বিভিন্ন সময়ত বন্যপ্ৰাণী সমূহে এক শান্ত পৰিবেশৰ লাভ কৰি মুকলিকৈ ওলাই অহা প্ৰিলক্ষিত হৈছে। ইয়াৰ মাজতো কিন্তু ৰাজ্যৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা গৈছে মানুহ অৰু বন্যপ্ৰাণীৰ সংঘাত।