কুন্দন ভৰালী

নগাঁও

১৯ নৱেম্বৰ

নগাঁৱত আৰক্ষীৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ পতি-পত্নী। নগাঁও সদৰ আৰক্ষীয়ে চহৰখনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰে।

নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ এক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চহৰখনৰ খীষ্টানপট্টিৰ এ ডি পি ৰোডত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী মৌচম খণ্ডকাৰ আৰু তেওঁৰ পত্নী ৰেচমা খণ্ডকাৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযানত মৌচম খণ্ডকাৰৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিলাতী সুৰাৰ লগতে নগদ ৬৭ হাজাৰ টকা জব্দ কৰে। উল্লেখযোগ্য যে মৌচম খণ্ডকাৰ পূৰ্বেও ড্ৰাগছ ব্যৱসায় কৰাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

বিগত কিছুবছৰ ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চল ড্ৰাগছৰ ঘটিত পৰিণত হৈছে। নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই বহু ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি নগাঁও আৰক্ষীয়ে মৌচম খণ্ডকাৰ আৰু তেওঁৰ পত্নী ৰেচমা খণ্ডকাৰৰ বিৰূদ্ধে ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি ড্ৰাগছ ব্যৱসায়ী পতি-পত্নীক আদালতলৈ প্ৰেৰণ কৰিছে।