কুন্দন ভৰালী

নগাঁও

১৭ নৱেম্বৰ

কৰিমগঞ্জত সংঘটিত দলৱদ্ধ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। নগাঁও জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নগাঁৱ জিলা উপযুক্ত কার্যলায়ৰ সমীপত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। নলবাৰীতো মহিলা কংগ্ৰেছে ৰূপায়ন কৰে মৌন প্ৰতিবাদ।

নগাঁও জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰাই। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা গৰাকীয়ে ৰাজ্য তথা দেশত নাৰী সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। দেশৰ লগতে অসমতো ধৰ্ষণৰ অভিযুক্ত লোক সকলক কঠোৰ শাস্তি প্ৰদানৰ কৰা আৰু নাৰী সকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। কৰিমগঞ্জৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে মহিলা কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলাতো মহিলা কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে কৰিমগঞ্জৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়। উল্লেখ্য যে যোৱা শুকুৰবাৰে কৰিমগঞ্জ জিলাৰ নিলমবজাৰত ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ছয় জনকৈ লোকে ধৰ্ষণ কৰিছিল। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা মাতৃক দেখা কৰিবলৈ ত্ৰিপুৰাৰ যুৱতী দুগৰাকী শিলচৰলৈ আহিছিল। মাতৃক দেখা কৰি শিলচৰৰ পৰা এখন ভাড়া গাড়ীৰে যুৱতী দুগৰাকী ত্ৰিপুৰালৈ উভতি যোৱাৰ পথত ভাড়া গাড়ীৰ চালক জনে অন্য পাঁচজন যুৱকৰ সৈতে মিলি যুৱতী দুগৰাকীক ধৰ্ষণ কৰিছিল।

যুৱতী দুগৰাকী ধৰ্ষণকাৰী কেইজনৰ কবলৰ পৰা পলায়ন কৰি স্থানীয় আৰক্ষী থানা উপস্থিত হৈ আৰক্ষীক সমগ্ৰ ঘটনা জানিবলৈ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত তাণ্ডত আৰম্ভ কৰি ধৰ্ষণকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হৈছে। দুগৰাকী যুৱতীৰ লগত সংঘটিত হোৱা এই ধৰ্ষণকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্র ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে ধর্ষণকাৰী কেইজনৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।