নলবাৰী

১৭ নৱেম্বৰ

সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান।দক্ষিণ কামৰূপত সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে জিলা উপায়ুক্তকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ।পিয়াতে দক্ষিণ কামৰূপত সাংবাদিক মিলন মহন্তক বিদ্যুৎৰ খুটাত বান্ধি জুৱাৰীৰ দলে গণ আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে। সাংবাদিকৰ ওপৰত এইদৰে চলি থকা ধাৰাবাহিক আক্ৰমণে সমাজত এক অশুভ ইংগিত বহন কৰিছে বুলি মত প্ৰকাশ কৰে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাংবাদিকৰ ওপৰত সঘনাই হৈ থকা আক্ৰমণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে৷। এই ক্ষেত্ৰত ইণ্ডিয়া জাৰ্নালিষ্ট এছ’চিয়েচনৰ নলবাৰী জিলা সমিতিয়ে এখন স্মাৰকপত্ৰ যোগে সাংবাদিক মিলন মহন্তক গণ আক্ৰমণ কৰা ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়। দক্ষিণ কামৰূপৰ সাংবাদিক গৰাকীৰ আক্ৰমণৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি অতি শীঘ্ৰে দোষীক ব্যক্তি সকলক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহৰ দাবী জনোৱাৰ লগতে সাংবাদিকৰ ভবিষ্যত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই ইণ্ডিয়া জাৰ্নালিষ্ট এছ’চিয়েচনৰ নলবাৰী জিলা সমিতিয়ে।

উল্লেখ্য যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই দক্ষিণ কামৰূপত জুৱাৰীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে ভু-মাফিয়া তথা জুৱাৰীৰ দলৰ গণ আক্ৰমণৰ বলি হৈছল সাংবাদিক মিলন মহন্ত। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলীত জুৱাৰীৰ দলে মিলন মহন্তক লাইটৰ পোষ্টত বান্ধি নিৰ্মমভাৱে গণপ্ৰহাৰ কৰিছিল। বৰিহাট নিবাসী তথা গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতৰ মিৰ্জা আৰু বৰিহাটৰ সংবাদকৰ্মী মিলন মহন্তক তিনিআলীত বজাৰ কৰি থকা অৱস্থাত দেওবাৰে দুপৰীয়া সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীগৰাকীৰ নেতৃত্বত একাংশ লোকে খেদি আহি অতৰ্কিতে গণ প্ৰহাৰ কৰিছিল।