চিৰাং

১৭ নৱেম্বৰ

বিটিচিত নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলক তীব্ৰ আক্ৰমণ। মই সভাপতি হৈ থাকোতে দুৰ্ণীতি পৰায়ন হাগ্ৰামাক বিজিপিত নলাও, হাগ্ৰামাক বিজেপিত লৈ বিজেপিক নুডুবাও বুলি ৰঞ্জিত দাসৰ মন্তব্য। ইফালে বিজেপিয়ে বিটিচিত চৰকাৰ গঠন কৰাৰ ১৫ দিনৰ ভিতৰত হাগ্ৰামা মহিলাৰীৰ দুৰ্ণীতি তথা দালাল ৰাজ চলোৱা ভিচিডিচি নিশেষ কৰিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

বিটিচি নিৰ্বাচনকলৈ বিজেপি দলৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। বড়ো ভূমি দখল কৰাৰ উদ্দেশ্যে বিজেপিৰ কেইবাগৰাকী মন্ত্ৰী-বিধয়াকে ইতিমধ্যে বিটিচিত নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাই থকাৰ মাজতে মঙলবাৰে চিৰাং জিলাৰ বিজনীৰ আনন্দ বজাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী গৰাকীয়ে পুনৰ লক্ষ্য কৰি ল’লে হাগ্ৰামা মহিলাৰীক। চিৰাং জিলাৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ আনন্দনবজাৰ পথাৰত অনুষ্টিত নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ সকলো কাম শেষ কৰিব অৰ্থাৎ ভোটগ্ৰহণ আৰু ভোট গণণা সকলো শেষ হ’ব ১৫ ডিচেম্বৰৰ পুৰ্বে। তেওঁ লগতে কয় যে বিটিচিত বিজেপিৰ হাত থকা বাবেই ইমান দিনে হাগ্ৰামা মহিলৰীয়ে ৰাজত্ব কৰিব পাৰিলে। ইয়াত সকলো বিপিএফৰ কথা মতেই চলিল। আমি যিমান পাৰো বিপিএফক সহায় কৰিলো। লাহে লাহে আমি খবৰ লৈ জানিব পাৰিলো যে ইয়াত ভূমি সংক্ৰান্তীয় বহু খেলিমেলি হৈছে। মাটি কিনা-বেচাত অসুবিধা, ভূমিপাট্টা প্ৰদান কৰা নাই বিপিএফে। সেইহে আমি ইয়াত আহিব লগীয়া হ’ল। আমি বিটিচিখন কাকো গতাই দিয়া নাই। মানুহক ইমান অত্যাচাৰ হোৱাটো আমি নিবিচাৰো বাবেই আমি এইবাৰ বিটিচি গঠন কৰিম। চন্দন-হাগ্ৰামাই বিটিচি নিৰ্বাচনৰ পিচত ভূমিপাট্টা দিয়াৰ কথা কৈছে কিন্ত যোৱা সময়বোৰত তেওঁলোকে কি কৰিলে বুলি প্ৰশ্ন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি বিটিচিত চৰকাৰ গঠনৰ পিচতে ১৫ দিনৰ ভিতৰত ভূমি সংক্ৰানীয় কাম শেষ কৰিম বুলিও কয় মন্ত্ৰী গৰাকীয়ে। মাটি নাথাকিলে আমাৰ একো নাই আমাক ওলিয়াই দিলেও একো কৰিব নোৱাৰিম। এই কথা কলেই হাগ্ৰামাৰ খং উঠে। বিটিচি কি হাগ্ৰামাৰ বাবাৰ সম্পত্তি নেকি? আমি বিটিচি হাগ্ৰামাৰ ওচৰত নিলামত দিয়া নাই। ৰাইজৰ তলত থাকিব লাগে ৰাজনৈতিক নেতা কিন্ত বিটিচিত হাগ্ৰামা চীফ হৈ বহিছে। কি এই চীফ বুলিও হাগ্ৰামাক কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। ভিচিডিচি সমুহে দুৰ্ণীতি কতিবলৈ জব কাৰ্ড নিদিয়ে ৰাইজক। ভিচিডিচিৰ জড়িয়তে দালাল ৰাজ চলাইছে হাগ্ৰামা মহিলৰীয়ে বিটিচিত। গতিকে এতিয়াই সময় এই সমুহৰ প্ৰত্যুত্তৰ দিয়াৰ। ৰাইজ বিজেপিক ভোট দি বিটিচিক বিপিএফৰ পৰা উদ্ধাৰ কৰক বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। যি মানুহে জব কাৰ্ড, বৃদ্ধ পেঞ্চনৰ টকা খায় তেওঁলোক মানুহ নেকি ? অমানুহ এইবোৰ। প্ৰধা মন্ত্ৰী আবাশ যোজনাৰ নামত টকা লয় বিপিএফে বুলিও অভিযোগ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে বিটিচি গঠন কৰাৰ ১৫ দিনৰ ভিতৰত ভিচিডি শেষ কৰিম কাৰণ ভাৰতৰ কতো নাই ভিচিডিচি। হাগ্ৰামাই কি দালাল পাৰ্টীৰ জন্ম দিলে যে এই দৰে ভিচিডিচি বনাই দালালি কৰিছে। আৰক্ষী আৰু বিপিএফে মিলি দুখীয়াক অত্যাচাৰ কৰিছে বুলিও অভিযোগ কৰে হিমন্ত বিশ্ব শৰ্মাই।এতিয়া নাঙল মিউজিয়ামত থব লাগিব কাৰণ কোনেও নাঙল দি হাল নামাৰে বুলি কয় হিমন্তই। বিজনী এমএলএ এইবাৰ বিজেপিৰ গতিকে অহা নিৰ্বাচনত বিজনি বিধানসভা বিজেপিয়ে দখল কৰিব। আমি বিটিচি নিৰ্বাচনৰ পিচে পিচে আহি সকলো বাট-পথ নতুন কৈ বনাম বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। হাগ্ৰামা মহিলৰীয়ে কৈছে যিকোনো প্ৰকাৰে বিটিচি গঠন কৰিব কিন্ত আমি কৈছো এইবাৰ যেনেতেনে নহ’ব এইবোৰ দাদাগিৰি নচলিব। চৰকাৰ নিয়ম অনুসৰি হ’ব। ৰাইজৰ উৎসাহত বুজা যায় এইবাৰ বিজেপিৰ চৰকাৰ হ’ব বিটিচিত। উজনি অসমৰ লোকৰ ভোট নাগে বুলি কোৱা কথাৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে অসমীয়া লোক বা ভাৰতীয় লোক কংগ্ৰেছৰ লগত নাই। আপোনালোকে চাই থাকক বহু লোক বিজেপিত যোগদান কৰিব। অহা ২২ নভেম্বৰ বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মুচাহাৰী বিজেপিত যোগদান কৰিব। সভাত উপস্থিত হোৱাৰ পুৰ্বে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি হেলিপেডৰ পৰা বাইক ৰেলি কৰি সভাত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সভাত উপস্থিত হৈ কয় যে, এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব সেয়া খাটাং। বিটিচি যেতিয়া সন্ত্ৰাস জৰ্জৰ আছিল তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিঙে ২০১৪ চনত অসমত আহিয়ে অপাৰেচন অলক্লিয়াৰ কৰিব দিছিল সেয়ে আজি আমি নিৰাপদে থাকিব পাৰিছো। উগ্ৰপন্থীমুক্ত বিটিচি গঢ়াটো বিজেপিৰ কিতৃত্ব। বিটিচিবাসী ৰাইজে আমাক আশিৰ্বাদ দিব। আমাৰ লগত ৰাইজ আছে সেয়ে আমি কাৰো সৈতে মিত্ৰতা কৰা নাই। বিগত সময়ত আমি সাধাৰণ কিছু কিছু ভূলৰ বাবে হাৰিছিলো। বিটিচিৰ মুখ্য কোন হ’ব সেই বিষয়ে কোনো চুড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও বড়ো মুলীয় লোকেই বিটিচিৰ মুখ্য হ’ব সেয়া জনায় ৰঞ্জিত দাসে। মই সভাপতি হৈ থকা অৱস্থাত দুৰ্ণীতি পৰায়ণ হাগ্ৰামা মহিলাৰীক বিজেপিত নলও বুলি স্পষ্ট কৰে ৰঞ্জিত দাসে। তেওঁ আৰু কয় যে এই জন ব্যাক্তিক লৈ আমি বিজেপিক নুডুবাও। ৰাইজৰ দল, অজিত ভূঞাৰ দল বা নৱ শৰণীয়াৰ দলৰ বিষয়ে যদি ৯৯ শতাংশ লোকে কব পাৰে মই সভাপতিৰ পদ এৰি যাম বুলি প্ৰত্যাহ্বান জনায় ৰঞ্জিত দাসে। বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টীৰ সাংসদ দিলীপ শইকীয়াই কয় যে বিটিচিত এইবাৰ তিনিতৰপীয়া চৰকাৰ হ’ব। কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু বিটিচিতো বিজেপি হ’ব বুলি দাবী কৰে সাংসদ গৰাকীয়ে।চিৰাঙৰ বিজনীৰ আনন্দ বজাৰত অনুষ্টিত এই সভাত ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ বিজেপিৰ প্ৰাৰ্থী শিৱ নাথ ব্ৰহ্মৰ হৈ নিৰ্বাচনি প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মঙলদৈৰ বিজেপি সাংসদ দিলীপ শইকীয়া।