গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গণৰাজ্য দিৱস। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়তো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস।

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা অনুষ্ঠানিকভাৱে উত্তোলন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । পতাকা উত্তোলন কৰি নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে, আমি এনে এখন ভাৰত নিৰ্মাণ কৰিব লাগিব য’ত দৰিদ্ৰতা, নিবনুৱা সমস্যা নাথাকে।

যোৱা তিনি বছৰ ছয় মাহত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয় ৰক্ষা কৰি অসমীয়াৰ স্বাভিমানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছো।

বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক কৰা হ’ব। ইয়াৰ বাবে অতি শীঘ্ৰে প্ৰয়োজনীয় আইন প্ৰণয়ন কৰা হ’ব।

অসম সাহিত্য সভাক ১০ কোটি টকা,বড়ো সাহিত্য সভাক ৫ কোটি টকা আৰু অন্যান্য ২০ খন সাহিত্য সভাৰ প্ৰতিখনলৈ ৩ কোটি টকাকৈ অনুদান প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

জাতি মাটি আৰু ভেটিৰ শ্লোগান আমাৰ বাবে কেৱল শ্লোগানেই নহয়, এইটো এটা সংকল্প। এই সংকল্পত আমি অটল।

৮০৪ গৰাকী শ্বহীদৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।