গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অব্যহত আছে অসমৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শন। অসমৰ খেলুৱৈ সকলে উন্নত প্ৰদৰ্শনেৰে প্ৰতিযোগতখনত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে সাতোৰত অসমে লাভ কৰিলে আৰু এটা স্বৰ্ণ পদক।

যোৱা ১০ জানুৱাৰীৰ পৰা মহানগৰী গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ খেলুৱৈ সকলে উন্নত প্ৰদৰ্শনেৰে কেইবাটাও পদক লাভ কৰি ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ। অসমৰ খেলুৱৈ সকলে প্ৰতিযোগিতাখনত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ কেইবাটাও পদক লাভ কৰি প্ৰমাণ কৰিছে যে ক্ৰিয়াৰ ক্ষেত্ৰত অসম দেশৰ যিকোনো ৰাজ্যৰ লগতে ফেৰ মাৰিবলৈ সক্ষম। শুকুৰবাৰে পুনৰবাৰ ইয়াকে প্ৰমাণ কৰি সাতোৰত শিৱাঙ্গী শৰ্মাই লাভ কৰিলে স্বৰ্ণ পদক। শিৱাঙ্গীয়ে ২১ বছৰ অনুৰ্ধ্ব ২০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। শিৱাঙ্গীয়ে তামিলনাডুৰ ভাৱিকা ডুগৰক পৰাস্ত কৰি স্বৰ্ণ পদক নিজৰ দখললৈ আনে।

প্ৰতিযোগিতাখনত মহাৰাষ্ট্ৰৰ খেলুৱৈ সকলে দুৰ্দন্ত প্ৰদৰ্শন দাঙি ধৰি বৃহস্পতিবাৰে খেলৰ অন্তৰলৈকে ১১৭টাকৈ পদক লাভ কৰি পদকৰ তালিকাত শীর্ষ স্থানত আছে। অসমে বৃহস্পতিবাৰলৈকে ৭টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৭টা পদক লাভ কৰিছে।