হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : বিগত ১০ বছৰ ধৰি এটুপাল খোৱা পানীৰ বাবে হাহাকাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগত কানাইমাৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি খন আজি প্ৰায় ১০ বছৰ পূৰ্বে নিৰ্মাণ হৈছিল যদিও আজিলৈকে এটোপাল পানী যোগান দিব পৰা নাই চৰকাৰৰ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে। যাৰ ফলত অঞ্চলবাসী ৰাইজে আয়ৰণ যুক্ত পানী সেৱন কৰি নানা ৰোগত আক্ৰান্ত হ’ব লগীয়া হৈছে।

বৰ্তমান আঁচনিখনৰ মেচিন বিলাক পৰিত্যক্ত অৱস্থাত থকা পৰিলক্ষিত হোৱাৰ লগতে ভূত-বাংলা তথা পোক-পতংগৰ বাসস্থানত পৰিণত হৈছে উক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন। এই আঁচনিখনৰ কামো অতি নিম্নমানৰ । জানিব পৰা অনুসৰি এই কামৰ ঠিকাদাৰ হাসেম আলীৰ।

উক্ত আঁচনিখন নিৰ্মাণৰ সময়ত মাটিৰ মালিকক প্ৰতিশ্ৰুতি দিয়া হৈছিল এটা চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ । কিন্তু এতিয়ালৈকে চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে মাটিৰ মালিকে। অনতিপলমে এটা চাকৰি দিয়াৰ লগতে আঁচনি খনত বিশুদ্ধ খোৱা পানী যোগান দিবলৈ চৰকাৰক দাবী জনায় মাটিৰ মালিক তথা কানাইমাৰা গাওঁ পঞ্চায়তৰ সভাপতি ছফিয়ৰ ৰহমানে।