মুস্তাক আহমেদ

জুৰীয়া

১০ নৱেম্বৰ

ৰূপহীহাটৰ গড়াজান ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল দুট আৱাসগৃহ। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

মঙলবাৰে পূৱা নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত গড়াজানৰ পূৱ ফুটালঝাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুটা আবাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। পূৱ ফুটালঝাৰৰ ছাইফুল ইছলাম নামৰ এজন লোকে বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডত ছাইফুল ইছলামৰ দুটাকৈ আবাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ছাইফুল ইছলামৰ দুটাকৈ আবাসগৃহত জুই ছানি ধৰাত স্থানীয় ৰাইজৰ তৎপৰতাৰ জুই কিছু নিয়ন্ত্ৰণলৈ অহাৰ পিছত অগ্নি নিৰ্বাপক বাহিনী গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ অহাত অঞ্চলটোৰ বহু আবাসগৃহ ৰক্ষা পৰে। অগ্নিকাণ্ডত পৰিয়ালটোৰ ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে।