আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১০ নৱেম্বৰ

শিৱসাগৰৰ বাতৰি কাকত বিক্ৰী প্ৰতিষ্ঠানৰ স্বাত্তাধিকাৰীৰ মৃত্যুত স্মৃতিচাৰণ সভা। যোৱা ৩১ অক্টোবৰ তাৰিখে পৰলোকপ্ৰাপ্তি হোৱা শিৱসাগৰৰ বিপুল শৰ্মাৰ আদ্যশ্ৰাদ্ধ আৰু স্মৃতি চাৰণ সভা আজি অনুষ্ঠিত হয়৷

অসম আন্দোলনৰ এক সক্ৰিয় সাহসী নেতা বিপুল শৰ্মা শিৱসাগৰৰ সংবাদ জগতৰ এক উল্লেখযোগ্য ব্যক্তি আছিল। আশীৰ দশকত শৰ্মা ব্ৰাদাছ নামৰ বাতৰি কাকত পৰিৱেশক সংস্থা প্ৰতিষ্ঠা কৰা বিপুল শৰ্মা শিৱসাগৰ জিলাখনৰ বাতৰি পৰিৱেশনৰ দিশত মূলস্তম্ভ হৈ পৰিছিল৷ বিভিন্ন সামাজিক কৰ্মত নিয়োগ হৈ অহা বিপুল শৰ্মা শিৱসাগৰৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। যোৱা ৩১ অক্টোবৰ তাৰিখে কভিড ৰোগত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা বিপুল শৰ্মাৰ কে.পি. চাৰিআলিস্থিত বাতৰি পৰিৱেশন প্ৰতিষ্ঠানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হোৱাৰ লগতে তেওঁৰ মেলাচকৰস্থিত বাসভৱনত এক স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়।

শিৱসাগৰৰ আগৰণুৱা ব্যক্তি এম.আই.বড়া, সৌৰভ চলিহা, এনামুদ্দিন আহমেদ আদিৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত বহু লোকে অংশগ্ৰহণ কৰে।