নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১০ মাৰ্চ: নগাঁও জিলাৰ ৰূপহীহাটত শনিবাৰে নিশা প্ৰায় ১ মান বজাত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। ৰূপহীহাটৰ তেলিয়াছাপৰীটুপ গাঁৱৰ আব্দুল খালেক নামৰ এজন ব্যক্তিৰ ঘৰত এই ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এই অগ্নিকাণ্ডত ৪ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লাখ টকাৰো অধিক সা সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।