আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৫ নৱেম্বৰ

কালীপূজাৰ দিনাই শিৱসাগৰত সংঘটিত ভয়ংকৰ ঘটনা৷ কালীক সন্তুষ্ট কৰিবলৈ পাঁচটাকৈ দেৱশিশুক বলি দিয়াৰ অপচেষ্টা ৷ৰাইজৰ তৎপৰতাত বলি শালৰ পৰাই উদ্ধাৰ পাঁচটাকৈ দেৱশিশু৷

শিৱসাগৰ জিলাৰ ডিমৌমুখত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। নৰবলিৰ অপচেষ্টাক লৈ ডিমৌমুখত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা৷ ঘটনা অনুসৰি শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত গুপ্তধনৰ লালসাতেই মা কালি লম্ভা বেজৰ নিৰ্দেশতে দুই পাষণ্ডই পাঁচটাকৈ দেৱশিশুক বলি দিয়াৰ অপচেষ্টা চলাইছিল। পাষণ্ড দুটাই ধূপ জলাই বলিৰ বাবে শিশু পাঁচটাক সাজু কেইবলৈ লওঁতে ৰাইজে তৎপৰতাৰে দেৱশিশু কেইটাক উদ্ধাৰ কৰে। ৰাইজে বলিৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত জমিৰুল আলি আৰু চৰিফুল আলি নামৰ দুজন পাষণ্ডক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে৷ যি গৰাকী বেজৰ নিৰ্দেশত পাষণ্ড দুটাই এই ঘটনা সংঘটিত কৰিবলৈ অপচেষ্টা চলাইছিল সেই গৰাকী ধুৰন্দৰ বেজৰ ঘৰ মৰাণত বুলি জানিব পৰা গৈছে। নৰবিলৰ অপচেষ্টাৰ ঘটনাকলৈ সমগ্ৰ ডিমৌমুখত নিশাৰ পৰাই চাঞ্চল্য বিৰাজ কৰিছে৷ এই চাঞ্চল্যকৰ ঘটনাৰ লগত কেইবাগৰাকী পুৰুষ-মহিলা জড়িত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ লগত জড়িত এগৰাকী মহিলাও আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে বলি দিবৰ বাবে সাজু কৰা দেৱশিশু কেতিয়া শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছে। একবিংশ শতিকাত নিজকে সভ্য মানুহ বুলি দাবী কৰি অহা মানৱ জাতিৰ একাংশ অন্ধ বিশ্বাসী লোকৰ এই কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসমকে৷