গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: শুদ্ধ ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ, চৰ্চা তথা ভাষাটোৰ প্ৰচাৰ তথা প্ৰসাৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ বিভিন্ন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক আৰু অন্যান্যসকলক জড়িত কৰি অসম সাহিত্য সভাই ২৭ মাৰ্চ মঙলবাৰে ‘অসমীয়া ভাষা’ বিষয়ক এখন গুৰুত্বপূৰ্ণ কৰ্মশালাৰ আয়োজন কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুতিথি উপলক্ষে দিনজোৰাকৈ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়সংলগ্ন ‘নেহা আগৰৱালা সভাকক্ষ’ত অনুষ্ঠিত এই কৰ্মশালাত পুৱা দহ বজাত ‘অসমীয়া ভাষাৰ আখৰ-জোঁটনি’ শীৰ্ষক প্ৰথম সত্ৰত সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক, ‘অসমীয়া ভাষাৰ বানান’ শীৰ্ষক দ্বিতীয় সত্ৰত অধ্যাপক দেৱেন দত্ত আৰু ‘অসমীয়া ভাষাৰ উচ্চাৰণ’ শীৰ্ষক তৃতীয় সত্ৰত ড০ মালিনী গোস্বামীয়ে সমল ব্যক্তি হিচাপে ভাগ লয়। পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত কৰ্মশালাৰ অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন কৰা হয়। সাহিত্য সভাৰ সদস্যমহীয়ান ড০ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে উদ্বোধন কৰা কৰ্মশালাত সংবাদ মাধ্যমৰ লোকৰ বাহিৰেও অন্যান্য আগ্রহী বহু লোকে অংশগ্ৰহণ কৰে৷