গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৭ মাৰ্চ: গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে। শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হৈ থকা এটাৰ পিছত আনটো ধৰ্ষণকাণ্ডক লৈ ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰা আৰু নাৰীক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নাৰী সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা চৰকাৰখনৰ বিৰুদ্ধে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গ বেক শ্লোগান দি প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালে প্ৰতিকৃতি দাহ কৰে। ধর্ষণকাৰীৰ বিৰুদ্ধে অতি সোনকালে ৰাজ্য চৰকাৰে নতুন আইন প্ৰণয়ন কৰি ধৰ্ষণকাৰী সকলক সোনকালে বিচাৰ কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।